Type Here to Get Search Results !

ভাগৰি পৰা নাই মই

আকৌ এবাৰ সাজিম তোমালৈ 

ভালপোৱাৰ ৰামধেনু, 

আকৌ এবাৰ তোমাৰ বাবে পাগল হৈ চাম 

তুমি ভালপোৱা আকাশ, 

মই আকাশ হৈ চাম । 

তোমালৈ কবিতা লিখিম, 

লিখিম গান সহস্ৰ তোমাৰ নামত 

ভাগৰি পৰা নাই মই, 

আহিলো বহুদূৰ, 

আৰু যে বহুদুৰ বাকী...