এনেকৈয়ে যদি আতৰি যাব খোজা ইমান আপোন কিয় হৈছিলাহি ৷ "
দুখতে তাই প্ৰতিদণ্ডী হৈ উঠে ৷ মোক কয় ৷ হয়তো তাইৰ চকুলো নিগৰি পৰে ৷ হয়তো তাইৰো এনেই হয় লাহে লাহে সকলো পিনে আন্ধাৰ হৈ পৰে ৷ জোনাক নোহোৱা ৰাতিৰ দৰেই ৷ তাইক সুখী কৰিবলৈ মিচা আশ্বাস, প্ৰতিশ্ৰুতি দিবলৈও অপৰাগ মই ৷ চকুলোখিনি মচি দিবলৈও যে মই কাষত নাই ৷ বুকুৰ পৰা বুকুলৈ এতিয়া বহুদুৰ বাট .........ইমানবোৰৰ ভাবিলেই মোৰ মাত থোকাথুকি হৈ পৰে ৷ মই কও
"আৰে পাগলী মই সোনকালেই উভতি আহিমতো ৷ চিন্তা নকৰিবি না ৷ সুখী মানুহবোৰৰ দৰেই সুখী হবিচোন তয়ো ৷ "আৰু আধিক কৱলৈও সমৰথ নহও ৷ তাই কান্দিব ৷ মোৰো যে বেয়া লাগিব বহুত ৷ বেগটো পিঠিত লৈ আগবাটি যাও ৷ চিনাকি ট্ৰেইনখনৰ দিশে ৷ কোনো অচিন চহৰত সপোন বুটলিবলে ৷ লাহে লাহে বুকুৰ পৰা বুকুৰ বাটটোৰ দুৰত্বও বাঢিবলৈ ধৰে ৷ ট্ৰেইনখনে উকি মাৰে ৷ ডবাটোত মই উঠি দিও ৷ ক্ৰমশঃ আগবাঢি যায় …