আজব এই মানৱ জীৱন
সপোন দেখে মানৱে যেতিয়া
জীৱনটো হৈ পৰে তেতিয়া
খুবেই ৰঙীন ।
জীৱনটো হৈ পৰে ৰঙীন যেতিয়া
খুব সহজেই টোপনি আহে তেতিয়া
আকৌ এটা ৰঙীন সপোন দেখাৰ আশাত ।
কিন্তু সপোন যেতিয়া ভাঙি যায়
চকুৰ টোপনিবোৰ হেৰাই যায় ।
বিছনাত বাগৰি ইকাতি-সিকাতি কৰোঁতেই
কেতিয়ানো ৰাতি পুৱাই
গমেই পোৱা নাযায়,
আৰু কেনেবাকৈ যদি টোপনি আহেও
দুঃস্বপ্নই যেন তাক জগাই তোলে ।