মই আৰু মোৰ পৃথিৱী আমি দুয়ো দুয়োতে মগ্ন।
মই ভালপাও মোৰ ধাননি পথাৰ, মোৰ সেউজীয়া বননী, মৌ সনা না না চৰাইৰ কলৰৱ, ৰাতিৰ পৃথিৱীৰ ফৰিং, কুমতিৰ ছিঁ ছিঁ শব্দ,পপীয়া তৰা সৰা মোৰ চোতালৰ দুৱৰি, শেষৰাতি ফুলা শেৱালি, খৰিকাজাঁইৰ গন্ধ। আৰু ভালপাও মোৰ প্ৰেয়সীক। নাজানো কোন মোৰ প্ৰেয়সী হ'ব? এতিয়া লৈকে কাৰোবাৰ প্ৰেমত পৰানাই। প্রকৃতিৰ মাজত চিৰদিন মোৰ অগাধ বিচৰণ। প্রকৃতিৰ বুকুৰ অমৃত দুগ্ধপান কৰি মই যৌৱন পাপ্ত ।
মই নিসংগতাৰ প্রেমিক। বিৰহ মোৰ কবিতাৰ ভাষা। মোৰ দিনযাপন সমূলি বিষন্ন। পাৰাপাৰহীন নীলিম উৰ্মীমালাত ডুবি থাকে মোৰ ভাৱনাৰ মাধুৰী। প্রেমিক চৰাই হ'বলৈ মোৰ যে দুপাখি গুৰিতে চিঙা। উৰিব নোৱাৰো মই ।
কৰ্মই মোৰ ধৰ্ম।
"বন্ধুত্ব মোৰ বাবে সকলোতকৈ মূল্যবান সমন্ধ ।" এইয়াই মোৰ বিষয়ে সকলো ।