কিমান যে আনন্দৰ শিক্ষা জীৱন
পঢ়া - শুনাই কাম ।
শিক্ষা - দীক্ষাই কঢ়িয়াই আনিব ।
সকলোৰে সুনাম ।
খেল - ধেমালী নালাগে আমাক
নালাগে তেনে সুখ ।
কথা আৰু কামেৰে আমাৰ
নিদিওঁ কাকো দুখ ।
শিক্ষাই আমাৰ জীৱন সাৰথি
অজ্ঞতাক কৰে নাশ।
জ্ঞান নহ'লে মূল্যহীন শিক্ষা
নাই তাৰ সুবাস ।
যতনেৰে আমি শিক্ষা লʼম
ভাল ফল পাম ।
সুখে - দুখে আমাৰ এই জীৱন
সমুখলৈ আগুৱাই যাম।