সময়বোৰ গুচি যায়
স্মৃতি বোৰ সদায় ৰৈ যায়..
কিছুমান ইতিহাসৰ পাতত আৰু
কিছুমান বুকুৰ মাজত ।
আৰু এনে দৰে বুকুত ভৰ দি আকাশলৈ বগাই যায়
প্ৰতিজনৰে সেউজীয়া আশা ।।
সেউজীয়া বোৰো লাহে লাহে হালধীয়া হয়,
আৰু এই দৰে একো একোটা সভ্যতা নিৰাকাৰ হৈ শুই পৰে
মাটিৰ তলত মাথো এক জীৱাশ্ম হৈ ।।
দিন যায় মাহ আহে মাহ যায় বছৰ আহে
আৰু এনে দৰে যুগ যুগ পাৰ হৈ পুনৰ
উপস্থাপন হয় আন এক সেউজীয়া
অস্থায়ী সপোনৰ ।।
কি সেই সূৰ্য্য কি এই পৃথিৱী একোৱেই
নহয় দেখোন চিৰস্থায়ী, সময়ৰ গতিত যেন নিৰাকাৰ
হৈ পৰিব সকলোবোৰ, আৰু হাঁহি হাঁহি যেন কৈ যাব
এই ধৰা নহয় চিৰযুগমীয়া থাকোতেই কৰি যোৱা
যি মনে বিচাৰা ।