অতীতত এটা ধুনীয়া মুহুৰ্ত
পৃথিবীৰ অধিকতম মানুহে অতীতত এটা ধুনীয়া মুহুৰ্ত, কেইটামান সপোন আৰু সেই বিশেষ মনৰ মানুহজনক এৰি থৈ আহে । কেতিয়াবা আনকি এৰি থৈ আহো আমি আমাৰ পুৰণি চহৰখনো । দুৰৈত থাকিও যেতিয়াই ভাবো স্পন্দনবোৰ, বাৰুকৈয়ে অনুভৱ হয়, তাইও বাৰু মিচ কৰিবলৈ ধৰেনে মোক ।মই জানো... মই ঢুকি পোৱাৰ দুৰত্বত তাইৰ নাম নাই, তাই সেন্দুৰ সানি সুখবোৰক আলিংগন কৰে, ৰাতিপুৱা ভিজা চুলিটাৰিৰে যেতিয়া চাকিবোৰ জ্বলাবলৈ ধৰে মোৰ হৃদয়ত অনুভুত হয়, কাৰ সুখত, কাৰ দুখত,........ এই একেখন আকাশৰ তলতেইতো আমি কথা দিছিলো আমি আমাৰ হম,..এনে ৰাতিবোৰ আজি দুস্বপ্ন হৈ থাকক,
আজি চকুলোবোৰ সৰি যাওক । আকৌ ভাগি যাওক হৃদয়খন মোৰ, কাৰ কি আক্ষেপ ,...
নুবুজাকৈ বহুত কিবা ৰৈ যায়, নোকোৱাকৈ থাকি যায়, আজি উভতি আহিলেও,, সেই চহৰখনত মোৰ বুলিবলৈ একোৱেই নাই, মোৰ চহৰততো ভালপোৱা আছিল, মোৰ চহৰত তাইৰ অবস্হিতি আছিল , মোৰ চহৰত বিষাদ নাছিল,....... আজি বাৰে বাৰে লুকুৱাই ৰাখিছো অতীত,
আজিকালি মই লুকাবলৈ শিকিছো, তাইৰ পৰা, ভালপোৱাৰ পৰা, আৰু... মই মোৰ পৰা.......ত্যাগেই তো শেষ কথা নহয়, জানোচা অবস্হিতি অনুপস্হিতিয়ে তাইক দুখী কৰি তোলে, মই দুৰৈত থাকিবলৈ ললো, অচিনাকি ভাবে ,,,,,
কোনেও বিচাৰি নোপাৱা বহুত দুৰৈত.... ...