ধৰানা হাতখন মোৰ ৷ ইমান ভিৰৰ মাজত মই হেৰাই যাম ৷"
-- "হয়নে ?"সেই সপোন যেন লগা ক্ষনটোত কোমল হাতখনি খামোচি ধৰি খোজকঢাৰৰ সময়ত কাহানিও ভবা নাছিলো এদিন অন্ত পৰিব এই যুগ্ম যাত্ৰাৰ ৷ প্ৰতিশ্ৰুতি আছিল শেষ ক্ষনলৈ এইদৰে আগবাঢি যোৱাৰ,
প্ৰতিশ্ৰুতি আছিল অন্তহীন যাৎৰাৰ পথিক জন হোৱাৰ, প্ৰতিশ্ৰুতি আছিল তোমাৰ মোৰ দুখ সুখ আধা কৰি লোৱাৰ৷
অথচ …
ভিৰৰ মাজত হেৰাই গৈছিলা তুমি ৷ হেৰাই গৈছিল সকলো প্ৰতিশ্ৰুতি৷ পথত ৰৈ গলো অকলেই মই ৷ আজিকালি বিষাদ মোৰ প্ৰিয় শব্দবোৰৰ এটা ৷ সেই আধৰুৱা হৈ ৰোৱা সপোনবোৰ যিবোৰত আকি দিছিলা দুচকুত তুমিয়েই,
বাৰে বাৰে তোমাৰ কথা ভাবিবলৈ বাধ্য কৰি তোলে মোক ৷
বুকুত খুন্দিয়াই থাকে বাৰে বাৰে
তুমি কোৱা কথাবোৰে,
দেখুৱাই দিয়া অসফল আশাবোৰে …৷৷৷৷আজিও কপনি উঠে যেতিয়া কোনোবাই কাষলৈ আহে আৰু কয়
-"ধৰানা হাতখন মোৰ ৷ইমান ভিৰৰ মাজত মই হেৰাই যাম ৷"
♥ ♥