কথা থাকে বহুত..বহুত ৰৈ যায় কবলৈ.. নোকোৱাকৈ থাকি যায়..কথাও দিয়া যায় বহুত .. সৰহভাগ ভাঙি যায়.... তাৰ পিছতো ভাবি থাকো , এইবাৰ কি বিশ্বাসত লম .. মন আকাশৰ এচপৰা ডাৱৰ হবলৈ খোজাতো নাই .. গধুলি জোনটো ঢাকি ৰাখিব , কিজানি মই জোনাকৰ প্ৰেমত পৰি যাও... তৰাবোৰ চাবলৈ নিদিব.. . কিজানি মই ভালপাবলৈ লও..অথচ নিজে বৰষুণৰ দৰেও সৰিব নিবিচাৰে... বৰষুনত তিতাৰ হেপাহেৰে ৰৈ থাকো মই...এদিন বৰষুণজাক আহিব.. মই তিতিম... ভালপোৱাৰ বৰষুণজাকত মই জুৰুলি জুপুৰি হম...<3 ভালপোৱাৰ এয়াই শক্তি... ৰৈ থকা যায়.. যি কি নহলেও ৰৈ থকা যায়.... এনেদৰে ৰৈ থাকো বৰষুণজাকৰ অপেক্ষাত..... ভালপোৱাৰ অপেক্ষাত.. আৰু এদিন হঠাৎতে মোক আচৰিত কৰি বৰষুণজাক সচাকৈ নামি আহে... .