এটোপাল দুটোপালকৈ, আৰু তাৰ পাচত ধাৰাসাৰে
নামি আহা বৰষুণ
তিয়াই দিয়া মোক
ধুই নিয়া সমস্ত তৃষ্ণা মনৰ।
জানো মই,
যি মই বিচাৰো পাবলৈ, সি অপ্ৰাপ্য
মোৰ সপোন, অবাস্তব
মোৰ প্ৰেম, একপক্ষীয়
তথাপিও
বিচাৰো মই পাবলৈ
ভাঙো, গঢ়ো সপোন মোৰ নিতে, প্ৰতি ক্ষণে
ভাল পাওঁ মই, প্ৰেমত পৰো প্ৰেমৰ
জোনাকী পৰুৱাই জানো জানে তাৰ পোহৰৰ অসাৰ্থকতা?
তথাপিও জ্বলে সি তিৰবিৰাই,
বিচাৰে পোহৰাবলৈ আন্ধাৰ আকাশ
সেউজীয়া সপোনখিনি জীপাল কৰিবলৈ,
সাহ দিবলৈ জোনাকী পৰুৱাৰ দ'ৰে এই মনটোক
নামি আহা বৰষুণ,
তিতিব দিয়া মোক, এই হৃদয়ক
ধুই নিয়া সমস্ত তৃষ্ণা মনৰ, অপ্ৰাপ্তিৰ।