তৰাৰ দেশলৈ মোকো লৈ যা
মোকো লৈ যা তোৰ দেশলৈ
মই আৰু নোৱাৰো থাকিবলৈ ইয়াত ।
সকলোৱে মোক বেয়া পায় ।
মই সকলোৰে বোজা হৈ পৰিছো ।
তই নথকাত মোৰ কিমান কি হৈছে ..
তই দেখিছনে ??
মই বৰ অকলশৰীয়া হৈ পৰিলো ।
আজি তোলৈ বহুত মনত পৰিছে
আৰু ... তই নাই বাবেই আজি মোৰ এই অৱস্থা ।
তোৰ অলপো বেয়া লগা নাই নে ..??
হুকহুকাই কান্দি পৰিছিলো মই ...
কি আছিলো ... কি হৈ গলো ।
সকলোৰে অৱহেলাৰ পাত্ৰ হৈ পৰিছিলো ।
ওলাই আহিছিলো ঘৰৰপৰা ।
কোনো নিৰ্দিষ্ট ঠিকনা নাই ।
নাই একো সাৰথি ..
অকল তোৰ স্মৃতিবোৰ বুকুত লৈ আহিছিলো ।
লগত এখন তোৰ ফটো ।