ছাৰ আইজাক নিউটনৰ জীৱনী আদি জীৱন,মধ্যজীৱন,শেষজীৱন,ব্যক্তিত্ব,ধৰ্মতত্ব,অপৰসায়ন,নিউনৰ ‘প্ৰভাৱ’ (legacy),
কেমব্রিজ বিশ্ববিদ্যালয়ৰ ট্রিনিটি কলেজত পঢ়ি থকা যুৱক এজন বন্ধৰ দিন কটাবলৈ নিজ , গাঁও উলছথপলৈ আহিছিল ।
সেইখন গাঁৱত আছিল মাকৰ এখন ফল - মূলৰ সুন্দৰ বাগিচা । যুৱকজনে অকলশৰে গৈ মাজে মাজে বাগিচাখনত বহি কিবাকিবি ভাবি থাকে ) এনেকৈয়ে এদিন বাগিচাখনত বহি কিবাকিবি ভাবি থাকোতে দেখা পালে সম্মুখৰ আপেল গছ এজোপাৰ পৰা আপেল এটা মাটিত সৰি পৰিছে । এয়া এটা সাধাৰণ ঘটনা বুলিয়ে সকলােৱে এৰি দিলেহেঁতেন ।
কিন্তু এই সাধাৰণ ঘটনাটোৱেই যুৱকজনৰ মনলৈ আনিলে নানা ভাবৰ জোৱাৰ । যুৱকজনে । আপেলটো কিয় তললৈ সৰি পৰিল ? ইতাে ওপৰলৈও যাব পাৰিলেহেঁতেন বা সোঁৱে - বাৱে সৰি পৰিব পাৰিলেহেঁতেন । আদি প্রশ্ন সমাধান বিচাৰি চিন্তাত বিভােৰ হৈ পৰিল । অনুসন্ধানী মনটোৱে বিচাৰি ফুৰিবলৈ ধৰিলে প্রশ্নকেইটাৰ সমাধান ।
তেওঁ উদ্ধাৰ কৰিলে য়ে পৃথিৱীৰ আকর্ষণ শক্তি আছে আৰু সেই আকর্ষণক কোৱা হয় মাধ্যাকর্ষণ । এই মাধ্যাকর্ষণৰ ফলতে আপেলটো মাটিলৈ সৰি পৰিল ।
সেই যুৱকজনেই আছিল বিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটন । আধুনিক বিজ্ঞানৰ বাটকটীয়াসকলৰ অন্যতম ছাৰ আইজাক নিউটনৰ জন্ম হয় ১৬৪২ চনৰ বৰদিনৰ দিনা ইংলেণ্ডৰ উল্ছথপ্ নামৰ এখন সৰু গাঁৱত এটা মধ্যবিত্ত খেতিয়ক পৰিয়ালত । নিউটনৰ জন্মৰ আগতেই তেওঁৰ পিতৃৰ মৃত্যু হয় । তেওঁৰ মাতৃয়ে দ্বিতীয় বিবাহ কৰােৱাৰ ফলত শিশু নিউটন থাকে বুঢ়ীমাকৰ লগত । সৰুকালত শাৰীৰিক ভাৱে অতি দুর্বল আছিল আৰু প্ৰথম অৱস্থাত পঢ়া - শুনাৰ প্রতিও বিশেষ ৰাপ নাছিল নিউটনৰ । যথাসময়ত নিউটনক গাঁৱৰে স্কুলত ভর্তি কৰােৱা হয় । কিন্তু মাত্র দুবছৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত নিউটনৰ মাতৃ হান্নাৰ দ্বিতীয় পতিৰাে মৃত্যু হয় । সেইবাবে দুবছৰতে শিক্ষা জীৱনৰ প্রথম পর্বৰ অন্ত পেলাই নিউটনে মাকক কৃষি কার্যত সহায় কৰিবলৈ যাবলগীয়া হয় । ১৬৫৪ চনৰপৰা ১৬৫৬ চনলৈ এই দুটা বছৰ আছিল নিউটনৰ শিক্ষা জীৱনৰ প্রথম পর্ব । সৰুকালৰেপৰা নিউটন আছিল অতি চিন্তাশীল আৰু নীৰৱ প্ৰকৃতিৰ ।তেওঁ পঢ়া - শুনাত বেছি মনােযােগ দিয়া নাছিল । কিন্তু স্বাভাৱিক প্রতিভাৰে তেওঁ যে চহকী সেই কথা কাৰ্যৰ মাজেৰে প্রতিপন্ন কৰিছিল । এঘাৰ বছৰ বয়সত নিউটনক ইংলেণ্ডৰ গ্রান্টহামৰ কিংছ স্কুললৈ পঠিওৱা হয় । যান্ত্রিক শিক্ষাৰ প্রতি তেওঁৰ ধাউতি আছিল প্রবল । তেওঁ ঘৰৰ কাষতে থকা - জলশক্তিৰে চালিত ঘেহু গুড়ি কৰা মেচিন এটা কেনেকৈ চলে তাক পুংখানুপুংখভারে নিৰীক্ষণ কৰি তেনেধৰণৰ এটা মেচিনৰ আৰ্হি তৈয়াৰ কৰি সকলােকে আচৰিত কৰি তুলিছিল । সৰুকালতেই তেওঁ ঘড়ী , বতাহচালিত মিল আদিও তৈয়াৰ কৰিব জানিছিল । কিন্তু তেওঁৰ এই কার্যবিলাকে শিশু নিউটনৰ মাজত লুকাই থকা প্রতিভা বিদ্যালয়ৰ শিক্ষক বা সমসাময়িক লােকসকলৰ চকুত পেলাব পৰা নাছিল । আনকি মাক হান্না অথবা বুঢ়ীমাক কোনেও এই কথা তেতিয়ালৈ কল্পনাই কৰিব পৰা নাছিল যে শিশু নিউটনৰ মাজত লুকাই আছে বিজ্ঞানৰ ক্ষেত্ৰখনত পৰিৱৰ্তন সাধন কৰিব পৰা অফুৰন্ত প্রতিভা । অৱশ্যে আর্থিকভাৱে দুর্বল তথা নিৰাপত্তাহীনতাত ভােগা মাক আৰু বুঢ়ীমাকৰ ক্ষেত্ৰত এয়া অস্বাভাৱিকো নাছিল । নিউটনৰ তেতিয়া বয়স ১৪ বছৰ । তেওঁ পুনৰ স্কুল এৰি ঘৰমুৱা হয় । আৰু আৰম্ভ কৰে খেতি কৰিবলৈ । কিন্তু তেওঁৰ মন আছিল পৰীক্ষামূলক কামত , যন্ত্রপাতিত , কিতাপত । সেইবাবে নিউটনক পুনৰ পঠিওৱা হয় স্কুললৈ । যদিও আৰম্ভণিতে সিমান চোকা নাছিল পিছলৈ নিউটনে শ্রেণীত সদায় আন সকলতকৈ আগস্থান পাইছিল । শিশু নিউটন ইমানেই নিশকতীয়া আছিল যে সহপাঠীসকলে প্ৰায়ে নিউটনক আক্রমণ কৰি বা জোকাই ৰং চাইছিল । শকত - আৱত দুষ্ট ল’ৰাবােৰৰ সদায় আক্ৰমণৰ বলি হােৱা নিউটনে এদিন এটা অসাধ্য সাধন কৰিলে । শ্ৰেণীৰ আটাইতকৈ বলিষ্ঠ দুষ্ট ল'ৰাজনক তেওঁ ধাৰাশায়ী কৰি পেলালে । ইয়াৰ পিছত স্বাভাৱিকতে আত্মবিশ্বাস বাঢ়িছিল নিউটনৰ। আর্থিকভাৱে জুৰুলা নিউটনে অসহায় জীৱন - যাপন কৰাৰ সময়তে তেওঁৰ মােমায়েকে ত্রাণকর্তাৰ দৰে সহায়ৰ হাত আগবঢ়াইছিল । কেমব্রিজৰ ট্রিনিটি কলেজৰ সদস্য আছিল তেওঁৰ মােমায়েক । ১৬৫৬ চনৰ পৰা ১৬৬১ চনলৈ জীৱনৰ এই কালছােৱা অথলে যােৱাৰ পিছত মােমায়েকৰ উদ্গনিত ১৯ বছৰ বয়সত ১৬৬১ চনত নিউটনে ট্রিনিটি কলেজত নামভর্তি কৰে । প্ৰথম অৱস্থাত তেওঁ ভাল ছাত্র বুলি স্বীকৃতি লাভ কৰা নাছিল যদিও চেষ্টাৰ অসাধ্য যে একো নাই পিছত তাকেই প্রমাণ কৰিছিল নিউটনে আৰু শ্ৰেণীৰ ভিতৰত সবাতােকৈ ভাল ছাত্র হৈ দেখুৱাইছিল তেওঁ । অধ্যয়নৰ সময়তাে নিউটনৰ চকু আছিল সদায় পৰীক্ষামূলক বিষয়ৰ ওপৰত । গাণিতিক শাস্ত্র বিষয়ত সেই সময়ত কেব্রিজৰ নাম চাৰিওপিনে বিস্তাৰিত হৈছিল । কেব্রিজৰ ট্রিনিটি কলেজৰ পৰা স্নাতক উপাধি লাভ কৰাৰ পিছত ১৬৬৫ চনত নিউটনে ‘ বায়’নমিয়েল থিয়ৰীম ’ আৱিষ্কাৰ কৰে । নিউটনৰ এই সূত্র আৱিষ্কাৰে কেব্রিজৰ খ্যাতি আৰু উচ্চ কৰিলে । এবাৰ ইংলেণ্ডত প্লেগ মহামাৰীয়ে দেখা দিয়ে । গতিকে সেই সময়ত স্কুল - কলেজ বন্ধ আছিল । বন্ধৰ এই সময়ছােৱা নিউটনে এনেয়ে বহি নাথাকি মহাকর্ষণ শক্তিৰ নিয়মাৱলী আৱিষ্কাৰ কৰিলে । এই সময়ছােৱাত তেওঁ কঁচ গুড়ি কৰা যন্ত্র আৰু সৌৰ ৰশ্মিৰ বিভিন্ন ৰং আৱিষ্কাৰ কৰে । সেই সময়ত তেওঁৰ ২৩ বছৰৰ দেওনাকেই পাৰ হােৱা নাছিল । ১৬৬৭ চনত তেওঁ পুনৰ কেব্রিজলৈ আহে আৰু ট্রিনিটি কলেজৰ ‘ ফেলাে ’ নির্বাচিত হয় । এইগৰাকী মহান বিজ্ঞানী লণ্ডনৰ ৰয়েল ছ'চাইটীৰ সদস্য নির্বাচিত হয় ১৬৭২ চনত । ইয়াৰ পিছৰ পৰা প্ৰতিবছৰেই ইটোৰ পিছত সিটোকৈ ৰাজকীয় অথবা সন্মানজনক পদবীত অধিষ্ঠিত হৈ আহিছিল আইজাক নিউটন । নিউটনৰ অগণন আৱিষ্কাৰৰ ভিতৰত প্রধান হৈছে । দৃষ্টিতত্ত্ব , প্রবাহমূলক কেলকুলাছ আৰু গতিবিধিসমূহ ( Laws of Motion ) । তেওঁ আৱিষ্কাৰ কৰা মহাকৰ্ষণৰ বিধি আজিও সংগতিপূর্ণ হৈ আছে পদার্থবিজ্ঞানত । নিউটনে ব্যাখ্যা কৰি দেখুৱাইছিল যে মহাকর্ষণ শক্তিৰ জৰিয়তে পৃথিৱীয়ে আন বস্তুবােক আকর্ষণ কৰি নাথাকে , মহাজাগতিক সকলাে বস্তুৱেই ইটোৱে সিটোক আকর্ষণ কৰি আছে । পােহৰ বিজ্ঞানৰ ক্ষেত্ৰতো নিউটনৰ অৱদান অতি চমকপ্রদ । নিজে এটা দূৰবীক্ষণ তৈয়াৰ কৰি পােহৰ সম্পর্কেও তেওঁ নানা পৰীক্ষা - নিৰীক্ষা চলাইছিল । উক্ত দূৰবীক্ষণত এপাৰেছাৰ লেন্স ব্যৱহাৰ কৰি তেওঁ বৃহস্পতি গ্রহ সম্পর্কেও অধ্যয়ন চলাইছিল । সূৰ্যৰ বগা ৰং যে সাতটা ৰঙৰ সমষ্টি সেই কথাও মানুহে জানিব পাৰিছিল নিউটনৰ বাবেই । আনহাতে ১৬৮৭ চনত তেওঁৰ “ ফিল চফিয়া নেচাৰেলিছ প্রিন্সিপিয়া মেথামেটিকা প্রকাশ হােৱাৰ পিছত পৃথিৱীৰ সকলাে বিজ্ঞানীয়ে গ্ৰন্থখন এখন শ্রেষ্ঠ গ্রন্থ বুলি একেআষাৰে স্বীকাৰ কৰিছে । নিউটন আহিল চিৰকুমাৰ । ১৬৯৬ চনত এইগৰাকী মহান বিজ্ঞানী মিণ্টৰ ৱাৰ্ডেন নিযুক্ত হয় আৰু তাৰ তিনিবছৰ পিছত নিযুক্ত হয় অধ্যাপকৰূপে । ১৭০৩ চনত তেওঁ ৰয়েল ছ'চাইটীৰ সভাপতি নিযুক্ত হয় । আৰু সেই পদ তেওঁ উপভােগ কৰিছিল মৃত্যুৰ আগমুহূৰ্তলৈকে । ১৭২৭ চনৰ ২০ মার্চত এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় । কিন্তু দুখৰ বিষয় যে মৃত্যুৰ আগলৈ তেওঁৰ প্ৰতিভা প্রশংসিত হােৱা নাছিল । আন যিয়েই নহওক , নিউটন আছিল মহামানৱ । তেওঁ সমাধান কৰিব নােৱৰা তত্ত্ববােৰ সেই যুগৰ মানুহৰ শক্তিৰ বাহিৰত আছিল । তেওঁৰ বাসভৱনত পােপে লিখি থৈছে । “ প্রকৃতি আৰু প্ৰকৃতিৰ নিয়মাৱলী নিশাৰ অন্ধকাৰত ডুব গৈ আছে । ঈশ্বৰৰ ইচ্ছা নিউটনে সেইবােৰ পােহৰলৈ আনক ।
✍️✍️✍️ Asim Ahmad