Type Here to Get Search Results !

টমাছ আলভা এডিছন Thomas Alva Edison,জীৱনী আদি জীৱন,মধ্য জীৱন,শেষ জীৱন,ব্যক্তিত্ব,ধৰ্মতত্ব,অপৰসায়ন,নিউটনৰ ‘প্ৰভাৱ’ (legacy)


টমাছ আলভা এডিছন

 আমেৰিকা যুক্তৰাষ্ট্রৰ মিলানত ঘৰ ল'ৰাটোৰ । ছবছৰীয়া সেই ল'ৰাটোৰ নাম মাক - দেউতাকে ৰাখিছিল আল । কিন্তু হঠাৎ এদিন ঘৰখনত হাহাকাৰ লাগিল । কাৰণ আল ঘৰলৈ অহা নাই , কৰবাত হেৰাল । আলক ইফালে - সিফালে বিচাৰিলে মাকে । কিন্তু কতাে নাই ! হঠাৎ মাকে দেখিলে ভঁৰাল ঘৰত আল এসােপা খেৰ লৈ জুপুকা মাৰি বহি আছে । মাকে সুধিলে - “ আল তােমাক বিচাৰি ঘৰখনত হুলস্থূল লাগিছে আৰু তুমি ইয়াত বহি আছা । কি কৰিছা তাত । ” আলে উত্তৰ দিলে – “ মা ইয়াত বহি মই কুকুৰা পােৱালি উলিয়াইছাে । ” আলৰ উত্তৰ শুনি মাকে ক'লে – “ তেনেকৈ মানুহে কুকুৰাৰ পােৱালি উলিয়াব নােৱাৰে নহয় । ব’লা , মই তােমাক কেনেকৈ কুকুৰাৰ পােৱালি উলিয়াই তাকে দেখুৱাইছাে । ” এইবুলি কৈ মাকে আলক কুকুৰাৰ গৰাললৈ লৈ গ'ল আৰু উমনি দি থকা কুকুৰা এটা দেখুৱালে । “ চোৱা , কুকুৰাই কণীকেইটাত উমনি দিহে পােৱালি উলিয়ায় । মানুহে উমনি দিব নােৱাৰে । ” মাকে ছবছৰীয়া আলক কথাবােৰ ভালকৈ বুজাই দিলে । কুকুৰা কণীত উমনি দি পােৱালি উলিয়াবলৈ বিচৰা সেই কণমানি ল'ৰাটোৰ নামেই হ’ল টমাচ আলভা এডিছন । আধুনিক বিজ্ঞানৰ আটাইতকৈ বেছি আৱিষ্কাৰক হিচাপে খ্যাত টমাছ আলভা এডিছনৰ নাম । তেওঁৰ জীৱনকালতে আৱিষ্কাৰসমূহৰ‘পেটেন্ট’ৰসংখ্যা আছিল এক হাজাৰৰাে অধিক । টমাছআলভা এডিছনৰ জন্ম হয় ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আমেৰিকাৰ অহিঅ’ৰ মিলানত । সকলােৱে সৰুতে মৰমতে তেওঁক আল বুলিয়ে মাতিছিল । সৰুৰে পৰাই তেওঁ আছিল জ্ঞান - পিপাসু । ৰামধেনু কিয় ওলায় , পাহাৰৰ পৰা কিয় পানী বৈ আহে , জাৰকালি কিয় বৰফ পৰে আদি প্রশ্নই সৰুতেই তেওঁৰ মনত জুমুৰি দি ধৰিছিল । তেওঁ যেন আছিল এটা অন্তহীন প্রশ্নৰ সঁফুৰা ।
সেইবাবে সৰুতে বহুতে আলক মাতিছিল ‘ মিষ্টাৰ হােৱাই ’ ( Mr.Why ) বুলি । আলে ঘৰৰ মানুহক নানাধৰণৰ প্রশ্ন সুধি ব্যতিব্যস্ত কৰিছিল । অৱশেষত সকলােৱে আলৰ প্রশ্নবােৰৰ উত্তৰ দিবলৈ যত্ন কৰিছিল । আলে স্কুলীয়া জীৱনৰ আৰম্ভণি কৰে সাত বছৰ বয়সতহে । কিন্তু আলে সমূলি ভালপােৱা নাছিল স্কুলৰ বান্ধোন । আনহাতে , তেওঁ স্কুলৰ শিক্ষক শিক্ষয়িত্রীক নানা ধৰণৰ অদ্ভুত প্রশ্ন সুধি প্রায়ে আমনি কৰিছিল । আনকি প্রশ্নৰ পৰা বাদ পৰা নাছিল বন্ধুবৰ্গও । তেওঁলােককো সুধিছিল নানা ধৰণৰ প্রশ্ন । কেতিয়াবা টমাছৰ প্রশ্ন শুনি শিক্ষক - শিক্ষয়িত্ৰীৰ খং উঠিছিল । সেয়ে তেওঁলােকে মাজে মাজে আলৰ প্রশ্ন শুনি বিৰক্তি পাই কৈছিল – “ আল তুমি যদি নিজকে বহু জ্ঞানী বুলি ভাবা , তেনেহ'লে আজিৰ পৰা ছাত্র - ছাত্রীসকলক তুমিয়ে পটুৱাবা । ” শিক্ষক - শিক্ষয়িত্ৰীৰ কথা শুনি মনে মনে আছিল আল । মনে মনে থাকিলেও কিন্তু আলৰ মগজুত সদায়ে নানা ধৰণৰ প্রশ্নই ক্রিয়া । কৰি আছিল । অৱশেষত আলে স্কুললৈ যােৱা বন্ধ কৰিলে । প্রায় ৬ বছৰ ঘৰতে থাকিল । ঘৰত থাকিলেও মাকে কিন্তু আলক প্রতিদিনেই পঢ়ুৱাইছিল । সেই সময়ত আলৰ মাক আছিল ভিয়েনাৰ হাইস্কুল এখনৰ শিক্ষয়িত্রী । তদুপৰি আলহঁতৰ ঘৰত ডেনমার্ক আলৰ সমবয়সীয়া ল'ৰা এটা বনকৰা ল'ৰা হিচাপে আছিল । সেই ল'ৰাটোৰ নাম আছিল মাইকেল । দুয়াে একেলগে চৰাইৰ কণী বিচাৰি হাবিয়ে - বননিয়ে ঘূৰি ফুৰিছিল । কেতিয়াবা দুয়াে লগ লাগি হিউন । হ্রদত গা ধুইছিল , সাঁতুৰিছিল । হ্রদৰ পাৰত পৰি থকা শামুক বুটলি ফুৰিছিল । তাৰ লগে লগে অৱশ্যে ঘৰত অধ্যয়নাে চলাই গৈছিল আলে । প্রতি সপ্তাহতে বাপেকে আলৰ বাবে কিছুমান কিতাপ কিনিছিল । সেই কিতাপবােৰ পঢ়ি টমাছে দেউতাকৰ আগত থুলমূলকৈ কাহিনীভাগ আওৰালে টমাক দেউতাকে ২৫ ছেন্টকৈ উপহাৰ দিছিল । পইচা পােৱাৰ আশাতে টমাছে কিতাপবােৰ মনােযােগেৰে পঢ়িছিল । ১৮৫৭ চন । তেতিয়া টমাছৰ বয়স ১০ বছৰ । তেওঁ ৰিচাৰ্ড গ্রীন পার্কাৰে Ga " School Compedium of Natural and Experimental Philoso phy " নামৰ কিতাপ এখন পালে । আলক সেই কিতাপখনেই আলােক বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ লগত চিনাকি কৰাই দিছিল । তদুপৰি কিতাপখনত আছিল বিভিন্ন ছবিৰ লগতে ৰেল ইঞ্জিন , টেলিগ্রাফ , ভাপ কলৰ বর্ণনা । টমাছে ঘৰতে এটা গৱেষণাগাৰ তৈয়াৰ কৰাৰ কথা ভাবিলে । অৱশেষত মাকৰ অনুমতি লৈ তেওঁ ঘৰতে নানা সামগ্রী গােটাই এটা গৱেষণাগাৰ খুলি ল'লে । প্রায় দুবছৰ তেওঁ ঘৰতে তৈয়াৰ কৰি
লােৱা গৱেষণাগাৰতে গৱেষণাৰ কামত ব্যস্ত হৈ থাকিল । কিন্তু গৱেষণাৰ বাবে ধনৰ প্রয়ােজন হ’ল । সেই অভাৱ পূৰণ কৰাৰ বাবে তেওঁ কাকত , ফল - মূল আৰু মিঠাই বেচা কাম হাতত ল'লে । অৱশ্যে পিছলৈ তেওঁ নিজে সাংবাদিক , সম্পাদক , ছপা কৰোঁতা আৰু প্রকাশক হৈ ‘ গ্লেণ্ড ট্রাংক হেৰল্ড ’ নামৰ এখন কাকত উলিয়ায় । লগে লগে তেওঁ চলাই গৈছিল গৱেষণাৰ কামাে । ১৮৬২ চনৰ ঘটনা এটা । টমাছে কাকতখনৰ অফিচ হিচাপে ব্যৱহাৰ কৰিছিল ৰে'লৰ দবা এটা । তাতেই আছিল তেওঁৰ গৱেষণাগাৰটোও । কিন্তু এদিন এটুকুৰা ফছফৰাছ পৰি গােটেই দবাটো জ্বলি গ'ল । সেই ঘটনাৰ পিছৰ পৰা তেওঁ কাণেৰেও কমকৈ শুনা হ’ল । এবাৰ আকৌ এটা ঘটনা ঘটিল । তেতিয়া আলৰ বয়স আছিল ১৫ বছৰ । চলন্ত ৰে'লৰ আগৰপৰা সৰু ল'ৰা এটাৰ প্রাণ বচাইছিল আলে । সেই সৰু ল'ৰাটো । আছিল ৰেল ষ্টেচনৰ তাৰবার্তা প্রেৰক মেকেঞ্জিৰ । তেওঁ কৃতজ্ঞতাৰ চিন স্বৰূপে আলক তাৰবার্তা প্রেৰণ কৰিবলৈ শিকালে । তেওঁ লগতে তাতেই তাৰবার্তা প্ৰেৰকৰ চাকৰিও পালে । টমাছ আলভা এডিছনে চাকৰিৰ লগতে সমানে চলাই গ'ল পৰীক্ষা - নিৰীক্ষাও । তেওঁৰ সৰু গৱেষণাগাৰটোতেই প্রথমে তেওঁ ফন’গ্রাফ নির্মাণ কৰি উলিয়ায় । এইটো আছিল কার্বন ৰেজিষ্টেন্ট ট্রেন্সমিটাৰ । ১৮৭৯ চনত টমাছে আৱিষ্কাৰ কৰে ইলেকট্রিক বাল্ব । তেওঁ আৱিষ্কাৰ কৰা বাব্বেৰে ১৮৮০ চনত মেনল পার্ক উজলাই ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত এক নতুন দিশৰ উন্মােচন কৰে । ইয়াৰ পিছত সমগ্র বিশ্বতে ঘৰে ঘৰে পােহৰ হােৱাই নহয় , টমাছ আলভা এডিছনৰ নামাে বিয়পি পৰিল পােহৰৰ দৰেই ৷ ১৮৮২ চনত টমাছ আলভা এডিছনে নিউয়র্ক মহানগৰীত ৭৪ কিলােমিটাৰ দৈর্ঘ্যৰ বিদ্যুৎ কেব বহুৱালে আৰু এহাজাৰতকৈও অধিক ঘৰ পােহৰালে । টমাছ আলভা এডিছনক কোৱা হয় আমেৰিকাৰ সর্বশ্রেষ্ঠ বিজ্ঞানী তথা উদ্ভাৱক বুলি । কিন্তু তেওঁৰ নাছিল বিশ্ববিদ্যালয়ৰ কোনাে ডিগ্রী । নিজৰ চেষ্টা আৰু শ্ৰমৰ বলতে তেওঁ প্রায় ২,৫০০ টা আৱিষ্কাৰ কৰিছিল । তেওঁৰ আৱিষ্কাৰবােৰৰ ভিতৰত আছে গ্রাম’ফন , টেলিগ্রাফ , চলচ্চিত্র দেখুৱাব পৰা যন্ত্র , ভােটদান যন্ত্র , ক্ষাৰকীয় বেটাৰী , বিভিন্ন প্রকাৰৰ বৈদ্যুতিক আৰু যান্ত্রিক কৌশল । এইগৰাকী মহান বিজ্ঞানীৰ ১৯৩১ চনৰ ১৮ অক্টোবৰত মৃত্যু হয় ।