লেখা - পঢ়া কৰাতকৈ খেল - ধেমালি কৰিহে সময় কটাবলৈ ভাল পাইছিল ল'ৰাজনে । ল'ৰাজনে দিনটোৰ বেছিভাগ সময় পাৰ কৰিছিল মাছ ধৰি , চৰাই চিকাৰ কৰি , চৰাইৰ কণী বিচাৰি ফুৰি বা বিভিন্ন ধৰণৰ শিল সংগ্রহ কৰি ৷ ল'ৰাজনে লেটিন আৰু গ্রীক ভাষা মাজে মাজে পঢ়িছিল । শিক্ষকৰ শাস্তিৰ ভয়তহে । কিন্তু পঢ়িলেও দুই - এদিন পিছতে সেইবােৰ পাহৰি পেলাইছিল । তদুপৰি স্কুলত থকা সময়খিনি সামান্য আজৰি পালেই ককায়েকৰ লগত ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰত সােমাই ককায়েকে কৰা পৰীক্ষাবােৰ চাই আছিল । সেইবাবে আনকি স্কুলৰ । প্রধান শিক্ষকেও ল'ৰাজনক মুঠেও ভাল পােৱা নাছিল । সহপাঠীসকলে ল'ৰাজনক ‘ গেছ ' বুলিহে মাতিছিল ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰত সােমাই থকা বাবে । সংগীসকলে ‘ গেছ ’ নামকৰণ কৰা আৰু প্রধান শিক্ষকে ভাল নােপােৱা ল'ৰাজন আছিল জগত বিখ্যাত বিজ্ঞানী চার্লছ ৰবাৰ্ট ডাৰউইন । বিজ্ঞানৰ বুৰঞ্জীৰ পাতত উজ্জ্বল হৈ জিলিকি থকা এইগৰাকী মহান বিজ্ঞানী চালছ ডাউইনৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ শ্রুজবেৰী নামৰ ঠাইত । তেওঁৰ দেউতাক আছিল এজন ভাল চিকিৎসা বিজ্ঞানী । তদুপৰি তেওঁ আছিল ৰয়েল ছ'চাইটীৰাে সদস্য । ডাউইনে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ইংলেণ্ডৰ শ্রুজবেৰীতেই । কিন্তু তেওঁৰ অধ্যয়নৰ প্রতি কোনাে আগ্রহ নাছিল । ককায়েক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল । কিন্তু চিকিৎসা বিজ্ঞান অলপাে ভাল পােৱা নাছিল ডাৰউইনে । তেওঁ এডিনবার্গলৈ চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে যদিও আহিছিল , চিকিৎসকে অস্ত্রোপচাৰ কক্ষত ৰােগীৰ অস্ত্রোপচাৰ কৰা দেখিলে ডাৰউইনে ভয়তে দৌৰি পলাইছিল । ডাৰউইনৰ বাবে হতাশ হৈ পৰিছিল দেউতাক । দেউতাকে খঙত এদিন ডাৰউইনক কৈয়ে দিলে “ তুমি চৰাই চিকাৰ কৰা , নিগনি ধৰা , কুকুৰ লৈ ঘূৰি ফুৰাৰ বাহিৰে একো কৰিব নােৱাৰা । তুমি বংশৰ নামতাে ডুবালাই , লগে লগে তােমাৰাে ভৱিষৎ জীৱন ধ্বংস কৰিলা । ” সেই দুষ্ট ল’ৰাজনে এদিন কিন্তু সামুদ্রিক পেলুৰ বিষয়ে নতুন তথ্য কিছুমান আৱিষ্কাৰ কৰিছিল । সেয়াই আছিল ডাৰউইনৰ প্রথম আৱিষ্কাৰ । চিকিৎসা বিজ্ঞানত ডাউইনৰ উন্নতি অসম্ভৱ বুলি জানি দেউতাকে তেওঁক কেমব্রিজলৈ পাদুৰী চাহাব কৰিবলৈ পঠিয়াই দিলে । তিনি বছৰ পিছত তেওঁ কেমব্রিজৰ পৰা উপাধি লাভ কৰিলে যদিও ল’ৰালিৰ স্বভাৱ কিন্তু তেওঁৰ দূৰ নহ’ল । এইবাৰ দেউতাক একেবাৰে হতাশ হৈ পৰিল । মানুহৰ বুদ্ধিমত্তা প্রকাশৰ বাবে সময় আৰু সুযোগ দুয়ােটাৰে অতি প্রয়ােজন । এদিন ডাৰউইনৰ জীৱনলৈও আহিল সেই সুযােগ । সেই সময়ত ইংলেণ্ডৰ ৰাজকীয় জাহাজ বিল্ল ( Beagle ) দুক্ষিণ আটলান্টিক আৰু প্রশান্ত মহাস্ৰাগৰ ভ্ৰমণৰ বাবে সাজু হ’ল । জাহাজৰ কেপ্টেইনে এজন প্রকৃতিবিদ বিজ্ঞানীৰ আৱশ্যকতা অনুভৱ কৰিলে । প্রকৃতিবিদজন বিশেষকৈ ডেকা বয়সৰ হােৱাটো বিচাৰিলে । সূরর্ণ সুযােগ হাতলৈ আহিল ডাউইনৰ । দেউতাকৰ ওচৰ চাপিল তেওঁ । প্ৰথম অৱস্থাত দেউতাক মান্তি হােৱা নাছিল যদিও পিছত ডাউইনক যাবলৈ দিলে । সেয়া ১৮৩১ চনৰ কথা । সমুদ্ৰত এৰি দিলে বিল আৰু জাহাজখনৰ প্রকৃতিবিদ হ’ল ডাউইন । জাহাজখনৰ সৰু কোঠা এটাত ডাৰউইনে লিখা পঢ়া , গৱেষণা আদি কৰিছিল । সমুদ্ৰত তেওঁ প্রায় পাঁচ বছৰ কাল কটাইছিল । সেই সময়ছােৱাৰ ভিতৰত তেওঁ বহুতাে নতুন নতুন উদ্ভিদ , জীৱ - জন্তু আদি আৱিষ্কাৰ কৰিলে । জাহাজ গৈ প্রথমে কেপ ভার্দি দ্বীপপুঞ্জৰ ছান্টিয়াগােত উপস্থিত হ’ল । ইয়াত বগা মাটিৰে গঠিত পর্বত এখন দেখা পালে । ডাৰউইনে পৰীক্ষা কৰি পালে যে পর্বতখন প্রবাল পােক আৰু শামুকেৰে সমুদ্রত গঠন হৈছিল । আগ্নেয়গিৰি উদগীৰণৰ ফলত সেইবােৰ পর্বত আকাৰে ভূ - পৃষ্ঠৰ ওপৰলৈ উঠি আহে । ডাৰউইনে জীৱনৰ অন্তিম কালত উল্লেখ কৰিছিল । ‘ সেই দিনটো মােৰ বাবে আছিল অতি উল্লেখনীয় দিন । ১৮৩২ চনত ‘ বি ’ উপস্থিত হয় ব্রাজিলৰ বহিয়াত । ডাৰউইনে উক্ত অঞ্চলত অসংখ্য উদ্ভিদ , বিভিন্ন প্রজাতিৰ জীৱ - জন্তু , চৰাই - চিৰিকতি দেখি । অভিভূত হৈ পৰে । তেওঁ তাত প্রায় তিনিমাহ কাল থাকি নানা পৰীক্ষা নিৰীক্ষা কৰি বহু সমল আহৰণ কৰে । তাৰপিছত বিগ্লে গতি কৰে পাটাগােনিয়াৰ পিনে । তাত তেওঁ অসংখ্য ‘ ফছিল ’ ( জীৱাশ্ম ) উদ্ধাৰ কৰে । ফছিলবােৰ আছিল বিভিন্ন প্রজাতিৰ জীৱ - জন্তুৰ ; যিবােৰ কেতিয়াবাই পৃথিৱীৰ পৰা বিলুপ্ত হৈছে । এই কথাটোৱে তেওঁক চিন্তান্বিত কৰে । ভাবিবলৈ ধৰিলে । কি কাৰণত জন্তুবােৰ পৃথিৱীৰ পৰা বিলুপ্ত হ’ল ? লগতে তেওঁ এই কথাটোও চিন্তা কৰিলে যে বিলুপ্ত হােৱা জন্তুবােৰ নিশ্চয় পৰিৱৰ্তন হৈ নতুন বংশৰ সৃষ্টি কৰিছে । কিন্তু এনে পৰিৱৰ্তনৰ কাৰণ বা কি ? ইয়াৰ পিছত জাহাজে গতি কৰিলে ফলেণ্ডৰ পিনে । তাত তেওঁলােকে দেখিলে আদিম আদিবাসী ৰেড ইণ্ডিয়ানসকলক । এই আদিম আধিবাসীবােৰ আছিল অসভ্য , হিংস্র জন্তুৰ দৰে । মানুহবােৰ আছিল নাঙঠ । ৰেড ইণ্ডিয়ানসকলক দেখি মানুহৰ পূৰ্বপুৰুষ কেনেধৰণৰ আছিল সেইকথা তেওঁ ভাবিবলৈ ধৰিলে । ইয়াৰ পিছত তেওঁলােক গালাপাগােছ দ্বীপপুঞ্জলৈ যায় । ইয়াৰ পৰাই জাহাজ পশ্চিমমুৱা হৈ প্রশান্ত মহাসাগৰত প্রৱেশ কৰে । প্রথমে তেওঁলােক টাহিটি দ্বীপত উপস্থিত হয় । ডাৰউইনৰ এই যাত্রা কলম্বাছৰ আমেৰিকা আৱিষ্কাৰতকৈ কোনাে গুণে কম নাছিল । তেওঁ লিখিছিল -- “ মই এই পাঁচ বছৰীয়া ভ্ৰমণৰ সময়ত যিমান দেখিলাে আৰু শিকিলাে ঘৰত থাকিলে কুৰি হাজাৰ বছৰতাে মই সিমান শিকা সম্ভৱ নহ'লহেঁতেন । ” ভ্রমণকালত সংগ্রহ কৰা বস্তুবােৰ ঘৰলৈ আনি ডাৰউইনে পৰীক্ষা কৰাত লাগি গ'ল । সকলাে বস্তুৰে বিৱৰণী কিতাপ আকাৰে প্ৰকাশ কৰাৰ মন কৰিলে । তেওঁ আৰু ‘ প্রবাল দ্বীপপুঞ্জ’আগ্নেয়পুঞ্জ ’ আৰু দক্ষিণ
আমেৰিকাৰ ভূ - তত্ত্ব ' নামৰ তিনিখন গ্রন্থ প্রকাশ কৰিলে । দীর্ঘদিনীয়া ভ্ৰমণৰ অন্তত ইতিমধ্যে ডাৰউইনৰ স্বাস্থ্য ভাগি পৰিছিল । তিনিখনকৈ গ্রন্থ লিখাৰ পিছত তেওঁৰ স্বাস্থ্য আৰু ভাগি পৰিল । ১৮৪২ চনত ডাৰউইনে লণ্ডন ত্যাগ কৰি কেন্টৰডাউনী নামে গাঁও এখনত সপৰিয়ালে থাকিবলৈ লয় । তাতে তেওঁৰ কর্মময় জীৱনৰ যতি নপৰিল । লিখিবলৈ ধৰিলে ইখনৰ পিছত সিখনকৈ কিতাপ । ডাৰউইনে বিশ্ববাসীৰ আগত দাঙি ধৰে জীৱনৰ জালখন ( Web of life ) আৰু প্রাণীজগতৰ প্রাকৃতিক পাৰস্পৰিক সম্বন্ধবিলাক । ইয়াৰ পিছত তেওঁৰ আৱিষ্কৃত প্রধান তথ্য হ’ল প্রাণীজগতত ‘ জীয়াই থকাৰ সংগ্রাম ’ ( Struggle for Existence ) । উদ্ভিদেই হওক বা প্রাণীয়েই হওক , প্রত্যেক জীৱই একে ধৰণৰ বহু জীৱৰ সৃষ্টি কৰে । কিন্তু সেই জীৱবােৰ জীয়াই থাকিবলৈ বায়ু , পানী আৰু আহাৰৰ আৱশ্যক । একে ঠাইতে বহু জীৱৰ জন্ম হােৱা বাবে জীয়াই থকাৰ তাড়নাত সিহঁতৰ মাজত অৰিয়া - অৰি লাগে । তেনে অৱস্থাত সিহঁতৰ মাজৰ পৰা দুর্বলীবােৰ ক্ৰমশঃ আৰু দুর্বল হৈ পৰে আৰু সবলবােৰেহে সক্ষম হয় । জীয়াই থাকিবলৈ । চার্লছ ৰবাৰ্ট ডাৰউইনৰ মতে এয়াই হ’ল জীয়াই থকাৰ বাবে সংগ্রাম ’ ( Struggle for Existence ) । বিজ্ঞানী লেমার্কৰ সূত্ৰবােৰ ডাৰউইনে মানি লৈছিল আৰু তাত তেওঁ নতুন কিছু তথ্য সন্নিবিষ্ট কৰিছিল । ১৮৫৯ চনত তেওঁ ৰচনা কৰিছিল ‘ দি অৰিজিন অৱ স্পেছিচ ’ গ্ৰন্থখন ; যিখন গ্রন্থই সমগ্র বিশ্বতে চমক সৃষ্টি কৰিছিল । প্রাকৃতিক নির্বাচন ( Natural Selection ) বহুতে সূত্র বুলি স্বীকাৰ কৰা নাছিল যদিও আদিৰেপৰা পুৰুষানুক্রমে চলি অহা সম্বন্ধববাৰে জীৱৰ ক্ৰমৱিৱর্তনৰ বিষয়ে বুজাত যথেষ্ট অৰিহণা যােগায় । ইয়াকে বুজাবলৈ তেওঁ জিৰাৰ ডিঙিটো যে প্রথম অৱস্থাত চুটিহে আছিল আৰু ওখ গছৰ পাত খােৱাৰ ফলতে যে পুৰুষানুক্রমে ডিঙিটো দীঘল হৈ আহিল সেই ব্যাখ্যা কৰিছিল । ডাৰউইনৰ প্রাকৃতিক নির্বাচনৰ সিদ্ধান্তটোক জানা যায় প্রাকৃতিক নির্বাচন অনুসিদ্ধান্ত বা ডাৰউইনৰ মতবাদ বুলি । কিন্তু
সেইসময়ৰ মানুহবােৰ আছিল ধর্মভীৰ । তেওঁলােকে বিশ্বাস কৰিছিল ধর্মই দিয়া মততহে । সেইবাবে মানুহবােৰৰ মাজত ক্রমবিৱর্তন , ডাৰউইনৰ মত আৰু প্রাকৃতিক নির্বাচনৰ মাজত খেলিমেলি লাগিছিল আৰু ডাৰউইনৰ সূত্ৰবােৰৰ বিষয়ে মানুহ উদাসীন হৈ পৰিছিল । ডাৰউইনে মানুহৰ উৎপত্তিৰ বিষয়ে ‘ দি ডিচেন্ট অৱ মেন ’ ( The Descent of Man ) নামৰ আন এখন গ্রন্থ লিখিছিল । তেওঁৰ মতে জন্তুৰ পৰা ক্রমবিকাশ হৈহে মানুহৰ উৎপত্তি হয় । ডাৰউইনে মানুহক বুজাই দিলে যে । বর্তমান কালটো উৎপত্তি হৈছে অতীতৰ পৰাই আৰু ইয়েই হ’ল ভৱিষ্যতৰাে জন্মদাতা । ডাৰউইনৰ ‘ দি ডিচেন্ট অৱ মেন ’ প্রকাশ হৈ ওলােৱাৰ পিছত মানুহ তেওঁৰ সমালােচনাত মুখৰ হৈ পৰিল । কিন্তু টমাছ হাক্সলি আৰু আর্নেষ্ট হেকেল নামৰ বিজ্ঞানী দুগৰাকীয়ে ডাউইনৰ মতবাদবােৰ যাতে কোনেও ভুল বুজিব নােৱাৰে তাৰ চেষ্টা কৰিব ধৰিলে । প্রাকৃতিক নিয়ম বা প্রাকৃতিক বিচাৰ নির্বাচন ( Natural Selection ) মতে এটা জীৱ সলনি হােৱাৰ যি সূত্র ডাৰউইনে দি গ'ল , তাক কোনেও নুই কৰিব নােৱাৰে । তেওঁৰ সময়ত ক্রম’জম আৱিষ্কাৰ হােৱা নাছিল । ডাৰউইনৰ মনত নাছিল কোনাে ভেদভাৱ । তেওঁৰ মানত সকলাে সমান আছিল । ডাউইনে সদায় নিজকে ভাব সাগৰত বুৰাই ৰাখিছিল আৰু অবিৰাম গতিৰে জীৱনৰ গুপ্ত ৰহস্য উদঘাটনৰ বাবে ব্যস্ত আছিল গৱেষণাত । তেওঁ ৰচনা কৰিছিল অসংখ্য বিজ্ঞানভিত্তিক গ্রন্থ । প্রকৃতি প্রতি তেওঁৰ আছিল অগাধ প্ৰেম আৰু নিজৰ দেশখনক নিজৰ প্রাণতকৈও ভাল পাইছিল । সন্মানৰ উচ্চ শিখৰত অধিষ্ঠিত এইজন দয়ালু , মহৎ , চৰিত্ৰৱন আৰু অসাধাৰণ বুদ্ধিসম্পন্ন লােক আছিল । ১৮৮২ চনত এইগৰাকী মহান বিজ্ঞানীক আন এগৰাকী মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ কবৰৰ কাষতে কবৰ দিয়া হয় ।
✍️✍️✍️ Asim Ahmad