আজি আকৌ সৰিছিল
হৰা পাতে ৰচিছিল ঠিকনাবিহীন প্ৰেমৰ কবিতা,
পলাশে বিনাইছিল কাৰোবাক নোপোৱাৰ যাতনাত ,
আৰু কাঞ্চনে ভুমুকিয়াইছিল কিযানিবা কৈয়েই যায় সৰা পাতে অবুজ বেদনা।।
ব্যাকুল মইয়ো হৈছিলো ,
দুচকু জপাই এৰি দিছিলো মোৰ চকুলোবোৰ ....
ঠিকনা সলাই বৃষ্টি হৈ নিগৰি যাবলৈ কোনোবা নেদেখা পাৰলৈ।
নাওঁ লৈ ভতিয়াই যাব নোৱাৰাকৈ..........
ধৌঁ হৈ পাৰ ভাঙিব নোৱাৰাকৈ.......
বিষাদবোৰ মই নিৰৱে এৰি দিলো।।
নতুনক নতুন কৰিয়েই পৃঠক সজাবলৈ,
সৰাপাতৰ বুকুত স্মৃতিৰ শব্দ সাজিবলৈ,
আপোনৰ গানত সুৰ হ'বলৈ....
বাৰিষাৰ অভিমানত অনুৰাগী হ'বলৈ.....
আৰু আশাবোৰক জিপাল কৰিবলৈ.....
আজি আকৌ এবাৰ সৰিছিল ......
ফাগুনৰ সেই প্ৰথম জাক বৰষা পচুৱাৰহতেঁ।।