যেতিয়া কোনোবাই মোক মোৰ দৰে বুজি পায়,
তেতিয়া মই ভাবো তুমি মোক কিয় বুজি নাপালা।
যেতিয়া কোনোবাই মোৰ সকলো অবাধ্যতা স্বীকাৰ কৰে,
তেতিয়া মই ভাবো তুমি মোক কিয় নল'লা।
যেতিয়া কোনোবাই মোৰ সপোনৰ কথা শুনি সেই সপোনটো পূৰণ কৰিবলৈ সাহস দিয়ে,
যেতিয়া কোনোবাই মোৰ হাঁহিবোৰৰ আঁৰৰ কাৰণ বিচাৰি পায়,
তেতিয়া মই ভাবো তুমি কিয় কাৰণটো বিচাৰি নাপালা।
যেতিয়া কোনোবাই মোৰ ভাল বেয়া দুয়োটা দিশ দেখিয়েই মোক ভালপায়, তেতিয়া এনে লাগে,
তুমি মোক কিয় ইমান ভাল পোৱা নাছিলা।
যেতিয়া কোনোবাই মোৰ যিকোনো পৰিস্থিতিতে মোৰ কাষত থকাৰ কথা কয়,
তেতিয়া মই ভাবো তুমি মোক কিয় এই কথাটো কোৱা নাছিলা।