Type Here to Get Search Results !

জোনাকৰ দেশলৈ

 জোনাকৰ দেশলৈ

ডাৱৰে আৱৰা আকাশ
তৰাৰে তিৰবিৰাই
জোন জ্বলে কপালত সেন্দুৰ বৰণ সানি
আকাশীৰথৰে যাওঁ বুলি জোনাকৰ দেশলৈ
মুগ্ধ হিয়াৰে মুক্ত জোনাৰকৰ কথা শুনি
বৰ ভাল পাওঁ
সিছিঁ দিম এডুলি এডুলি মৰম সনা কণা বোৰ
নিৰুত্তৰ হৈ থাকিলেও নোৱাৰিবা মনক ৰাখিব বান্ধি
জোনাকৰ বৰুষুণত তিতিম
গাম প্রীতিৰে গান অকলশৰে সুখ আৰু দুখ দুয়োটা সমভাগি হৈ
ডাৱৰ পৰিয়ে আহিব তালত তাল মিলাই তাইয়ো গাব
জোনাক জোনাক ওপছি পৰিব
বিছাৰি বিছাৰি হৃদয় স্পৰ্শকতাৰ ৰৈ যাব কোনোবাখিনিত
জোনাকৰ দেশলৈ পৰ্যটক বুলি যাম
অনুভৱে হৃদয় চুব
আকাশীযানৰে জোনাকৰ দেশ ফুৰাব ঘুৰাব
নীলা নীলা আকাশৰ বুকুত কুন্দত কটা হৈ
ওপছি পৰা হেপাঁহেৰে আকিঁ ছবি
আলসৰ লাডু মেঘ বোৰ আলফুলে চুই
জোনাকে আৱৰা শুকুলা ছায়াত ডুব যাম
জোনাকৰ পৰি আহিব আনিব দুপাহী জোনাক ফুল
সেই ফুল লৈ ডাৱৰে ডাৱৰে ফুৰিম
তিৰবিৰাই থকা তৰালীয়ে কৰিবহি আদৰণি
যাবা নে অপ্রিয় তুমিও এই আঘাতৰ প্রহৰী সৈতে
জোনাকৰ দেশলৈ .