দুঃস্বপ্ন
চাওঁতে চাওঁতে বহু বসন্ত
পাৰ হৈ গ'ল;
কিন্তু বৰ্তমানৰ মাজত বিছাৰি নাপালোঁ
অতীতৰ সেই জীৱন্ত স্বপ্নবোৰ।
বিছাৰি নাপালোঁ
কাৰোবাৰ সৈতে মগ্ন
আজি সকলোবোৰ স্বপ্নৰ বুকুত।
অতীতৰ সুদিনবোৰ হয়তো
আঁতৰি গ'ল চিৰদিনৰ বাবে!
ৰৈ গ'ল মাথোঁ দুঃস্বপ্নৰ মায়াজাল।