মঙ্গল অভিযানলৈ সাজু হোৱা বিশ্বৰ প্ৰথমগৰাকী কনিষ্ঠতম মহিলা মহাকাশচাৰী এলিছা কাৰছন
বৰ্তমান বিশ্বৰ মহাকাশ অভিযান সম্বন্ধীয় খৱৰসমূহৰ আটাইতকৈ বেছি সংবাদ মাধ্যমৰ সততে শিৰোনামা দখল কৰি থকা কিশোৰী গৰাকীয়েই হ’ল এলিছা কাৰছন (Alyssa Carson)৷
যদিও বহু পূৰ্বৰে পৰা বিশ্বৰ বিভিন্ন দেশৰ মহাকাশ অভিযানসমূহৰ ক্ষেত্ৰসমূহত বহুতো মহাকাশচাৰী মহিলাৰ নাম সক্ৰিয়ভাৱে পুৰুষৰ সমানেই জড়িত হৈ আছে কিন্তু বহুক্ষেত্ৰত এলিছা কাৰছন অন্যতকৈ বেলেগ৷ কিয়নো বৰ্তমানলৈকে এলিছা কাৰছনেই হৈছে বিশ্বৰ সকলোতকৈ হ’বলগীয়া কনিষ্ঠতম নাছাৰ মহাকাশচাৰী তথা ২০৩০ চনত আমেৰিকাৰ বিখ্যাত মহাকাশ গৱেষণা কেন্দ্ৰই নাছাই আৰম্ভ কৰিবলৈ ওলোৱা মংগল অভিযানত যাবলৈ সাজু হোৱা মহাকাশচাৰীৰ দলটোৰ কনিষ্ঠতম মহাকাশচাৰী৷ এইটোৱেই হ’ব নাছাৰ আটাইতকৈ খৰছী তথা দীৰ্ঘতম মহাকাশ অভিযান য’ত পোনপ্ৰথমবাৰৰ বাবে নাছাই মংগল গ্ৰহত মানৱ ক’লনী প্ৰতিষ্ঠা কৰিবলৈ চলোৱা 
প্ৰথমটো প্ৰচেষ্টা৷ শুনিবলৈ অসম্ভৱ তথা সপোনযেন লাগিলেও এই কথা সত্য যে এই অভিযানত অংশগ্ৰহণ ল’বলৈ আগবঢ়া মহাকাশচাৰী সকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠতম ২০ বছৰীয়া ষোড়শী গৰাকীয়েই হৈছে এলিছা কাৰছন৷ ইতিমধ্যে তেওঁ নাছাৰ লগত নিজৰ আহিবলগীয়া মিছনত যাবলৈ সম্পূৰ্ণৰূপে চুক্তিবদ্ধ হৈছে য’ত তেওঁ হয়টো কেতিয়াও পুনৰ পৃথিৱীলৈ ঘূৰি নাহিবও পাৰে যাৰ কাৰণে তেওঁ নিজকে সম্পূৰ্ণৰূপে মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত কৰি তুলিছে৷

মাত্ৰ ৩ বছৰ বয়সতেই মহাকাশচাৰী হোৱাৰ সপোন দেখা এলিছাই ১২ বছৰ বয়সতেই নিজৰ প্ৰখৰ বুদ্ধিমত্তা তথা মেধাৱী গুণেৰে নাছাৰ সৰ্বমুঠ ১২ টা মহাকাশ কেন্দ্ৰত (Huntsville, Alabama; Quebec, Canada; and Izmir, Turksey.) সক্ৰিয় ৰূপত উপস্থিত থকাৰ ৰেকৰ্ড গঢ়িছিল৷ ইয়াৰোপৰি তাই ১৮ বছৰ বয়সত ৩ বাৰ space shuttle launch, ৭ বাৰ স্পেছ কেম্প পৰিদৰ্শন, ৩ বাৰ স্পেছ একাডেমিত প্ৰশিক্ষণ আৰু এবাৰ ৰ’বটিক একাডেমীত প্ৰশিক্ষণ লগতে Advanced Space Academy ৰ পৰা গ্ৰেজুৱেট হোৱা প্ৰথমগৰাকী কনিষ্ঠতম ষোড়শী হিচাপেও খ্যাতি অৰ্জন কৰে৷ নাছাৰ পাৰ্ছপৰ্ট প্ৰগেমৰ অংশীদাৰ অতি কম বয়সতে পাৰ্ছপৰ্ট লাভ কৰা এলিছাই হ’ল আটাইতকৈ 
কনিষ্ঠতম বালিকা৷ ২০১৩ চনৰ জানুৱাৰী মাহত নাছাই ৱাশ্বিংটন ডিচি ৰ

MER 10 panel ৰ সভালৈ নিমন্ত্ৰণ দিয়ে আৰু পৰৱৰ্তী ভৱিষ্যতৰ মংগল অভিযানৰ ওপৰত আলোচনা কৰিবৰ নিমিত্তে৷ এই সমগ্ৰ আলোচনাচক্ৰ নাছাৰ দূৰদৰ্শন চেনেলত লাইভ দেখুওৱা হৈছিল৷ এই আলোচনাচক্ৰৰ মূল উদ্দেশ্য আছিল ২০৩০ চনৰ ভিতৰত মংগল গ্ৰহত মানৱ কলনী প্ৰতিষ্ঠা কৰা৷ এই অভিযানত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা মুঠ ৭ গৰাকী মহাকাশচাৰীৰ ভিতৰত এলিচাকো কনিষ্ঠতম মহাকাশচাৰী হিচাপে নিৰ্বাচন কৰা হয়৷ ২০১৬ চনৰ অক্টোবৰত এলিছা Advanced Possum Academy ৰ পৰা গ্ৰেজুৱেট প্ৰথমগৰাকী সৰ্বকনিষ্ঠ ব্যক্তি হোৱাৰ 
লগতে অফিচিয়েলি মহাকাশলৈ যাবলৈ ওলোৱা মহাকাশচাৰীৰ প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিক প্ৰমাণপত্ৰ লাভ কৰে৷ নাছাই কাৰছনৰ নাম ৰাখিছে NASA Blueberry৷ কাৰছনৰ মতে এগৰাকী মহাকাশচাৰী হোৱাৰ আটাইতকৈ কঠিন কামটো হ’ল নিজৰ আত্মীয়স্বজন, পৰিয়াল তথা বন্ধুবৰ্গৰ পৰা বহুতদিন আঁতৰি থাকিবলগীয়া পৰিস্থিতিটো কিন্তু মঙ্গললৈ যোৱাৰ পিছত এলিছাই আটাইতকৈ মিছ কৰিব পৃথিৱীৰ স্পৰ্শ আৰু সেউজীয়াখিনি৷ কাৰছনৰ মতে- “মংগল গ্ৰহলৈ যোৱাটোৱেই হৈছে কেচুৱাই প্ৰথম থিয়দঙা দিবলৈ লোৱা অৱস্থাৰ নিচিনা, মোৰ পিছতো পৰৱৰ্তী প্ৰজন্মই মংগল গ্ৰহৰ বুকুত অতিৰিক্ত অন্বেষণ চলাই নিব৷” সৰুৰে পৰাই কাৰ্টুন চিৰিজ The Backyardigans, episode “Mission to Mars.” চাই মহাকাশ অভিযানৰ প্ৰতি আকৰ্ষিত হোৱা এলিছাই এক সাক্ষাৎকাৰত নিজৰ মনৰ কথা কয় যে “The older I’ve gotten the more I’ve learned the importance, the benefits of going on Mars, and developed a deeper passion.” বৰ্তমান সময়ছোৱাত নিজৰ কলেজৰ আনুষ্ঠানিক শিক্ষাও সুকলমে চলাই যোৱাৰ লগতে এলিছাই নাছাৰ অধীনত এগৰাকী মহাকাশচাৰীয়ে
ল’বলগীয়া সকলোধৰণৰ কঠোৰ প্ৰশিক্ষণ নিয়মিতভাৱে লৈ আছে৷ এলিছাৰ মঙ্গল অভিযানৰ যাত্ৰাপথ সুদীৰ্ঘ ৩ বছৰ সময় আৰু এই অভিযানলৈ সম্পূৰ্ণ সাজু হৈ উঠাৰ সময়ত এলিছা ৩২ বছৰীয়া হ’ব৷ এক অনাগত অপ্ৰত্যাশিত ভৱিষ্যতৰ দিশে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হোৱা এলিছাৰ শৈশৱকালৰ সপোনৰ বিষয়ে তেওঁৰ পিতৃৰ মন্তব্য হ’ল এনেধৰণৰ “It’s her dream and it’s her passion, and she’s gotten me to realize how important this is for us to take that baby step for the human race. I realize this is bigger than the two of us and that I have to let her go.”

এলিছাৰ দ্বাৰা আৰু বহুকেইগৰাকী ছোৱালী নিজৰ সপোন তথা ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে নিজক সাজু কৰি তোলক এয়াই আমাৰ কামনা আৰু লগতে অনাগত মঙ্গল অভিযানতো এলিছাই সফলতা লাভ কৰিবলৈ সক্ষম হওক এইয়াই সকলোৰে তাইৰ প্ৰতি থকা শুভকামনা৷ শেহতঃ
“Always follow your dream and don’t let anyone take it from you.” — Alyssa Carson