Type Here to Get Search Results !

তুমি সৰাপাতৰ দৰে নহ'বা

 তুমি সৰাপাতৰ দৰে নহ'বা

তুমি সৰাপাতৰ দৰে নহ'বা,

নতুনৰ সন্ধানত তুমি আতৰি নাযাবা।
সোৱৰণীৰ পৃষ্ঠাবোৰত তোমাৰ নাম লিখাৰ
হাবিয়াস মোৰ একেবাৰেই নাই,
তুমি অবিহনে,নিসংগতাবোৰক
কিদৰে আনিম মই স্মৃতিবোৰৰ কাষলে চপাই।
তুমিতো জানাই,
মোৰ শেষ নিশাৰ সপোনবোৰেও
কেৱল মাথো তোমাৰ কথাই সোঁৱৰাই যায়।
প্ৰতিটো প্ৰাৰ্থনাই তোমাৰ নামতে পুৰ্ণতা পায়।
মৰমবোৰ কিমান গভীৰ হ'লে,

অভিমানবোৰে পৰাধীনতাৰ শিকলি ছিঙে।
প্ৰশ্ন কৰো কেতিয়াবা নিজকে
ভাললগাবোৰে কিদৰে ভালপোৱাৰ নাম পালে।
মাজে মাজে ভয়বোৰে আমনি কৰে
ফাগুনৰ দিনবোৰে সৰাপাতৰ কাহিনী ক'লে।
প্ৰেমে জানো নতুনত্ব বিছাৰে?
যদি নিবিছাৰে,
তুমি আতৰি নাযাবা সৰাপাতৰ দৰে।❤️