ভদ্র সমাজৰ পথত ঘূৰি ফুৰে তাই দিনে নিশাই ধুনীয়া সাজপাৰৰ আঁৰত দেহৰ গােপনতম অংগ ঢাকি ৰাতিৰ আন্ধাৰত দৰ - দাম হয় তাইৰ নামৰ লগত কাৰ নাে কি সম্পর্ক তাই মাথোঁ হৃদয় কিনা বেচা কৰা এজনী নিলাজ ছােৱালী যাৰ হৃদয়ত ধর্ষিতা হয় জাৰজ সপােন প্রতি নিশাৰ আন্ধাৰ কোঠালীত ইচ্ছাকৃতভাৱে বােধেৰে । সপােনক হত্যা কৰি তাইৰ দেহ এতিয়া কামনাৰ অস্ত্র , যি দেহত হেজাৰটা উজাগৰী ৰাতিৰ কামনাৰ বলি হােৱা লিপিবদ্ধ হৈছে জীয়া কাহিনী যাৰ নাভিত নিয়ন্ত্রিত হয় সভ্য সমাজৰ বহুতাে পুৰুষৰ অবৈধ বাসনা । জীয়াই থাকি
জীৱনৰ প্রতিটো দিন হৈছে তাইৰ বাবে কর্কশ উপভােগ কৰি জন্তুৰ দৰে খাই তাইৰ দেহৰ প্ৰতিটো অংগ ৰাতিৰ আন্ধাৰত প্ৰতিটো বাটত পিচলি পৰে তাইৰ বিজলুৱা ভৰি দুখন । জোনাকী পােহৰত সপােন দেখা ছােৱালী জনীয়ে আজি ঘৃণাৰ দৃষ্টিৰে চাই জোনাকক কিয়নাে যি ৰাতিত নগ্ন হয় প্রতিদিনেই
তাইৰ শৰীৰ । বৰষুণত তিতি নাচি ভালপােৱা তাইৰ মনত বৰষুণ এতিয়া ওপৰৰ পৰা ঢালি দিয়া বিহ যি বিহ তাই আজিকালি নিঃসন্দেহ পান কৰে অনিচ্ছা সত্ত্বেও পুৰুষৰ উপর্যুপৰি যৌন আক্রমণত । সভ্য সমাজৰ ৰাতিৰ আন্ধাৰত তাই এতিয়া চিনি পাই বহুতাে মুখা পিন্ধা ভদ্রলােক ।