Type Here to Get Search Results !

হোমেন বৰগোহাঞদেৱ

 

হোমেন বৰগোহাঞদেৱ


এটাযুগৰ অন্ত পেলাই গৈছা তুমি অচিন দেশলৈ
লৈছিলা জন্ম চন ১৯৩২-৭ ডিচেম্বৰত উজ্জ্বল নক্ষত্ৰ হৈ
১৯৭৮চনত পিতা পুত্ৰৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলা
হালধীয়া চৰায়ে বাওধান খায়, সাউদৰ পুতেকে নাও মেলি যায়
বহুতো উপন্যাস ৰচনা কৰি অসমীয়াৰ মাজত দিছিলা তুমি
আজি তুমি বিহীন অসমীয়াৰ সমাজ উকা উকা বাস্তৱ ।।
আজি বৌদ্ধিক জগতৰ ধ্রুৱ তৰা পশ্চিম আকাশত মাৰ গৈছে
আছিলা তুমি বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি, গল্পকাৰ, কথাশিল্পি

অসমীয়া সাহিত্যৰ ভঁৰালৰ এটি উজ্জ্বল জোতিস্ক তুমি
উঘলি পৰিল সাহিত্য জগতৰ শিপা এমুঠি
মৃত্যুৰ ওচৰত দয়া, মায়া, ক্ষমা একোৱেই নাই
এটা যুগৰ অন্ত পেলাই, কলমৰ চিয়াঁহীৰ দাগ মুচী দিলা।।

তোমাৰ বিদেশী আত্মা যতেই নাথাকক কিয়?
তাৰ পৰা আমালৈ আশীৰ্বাদ কৰি থাকিবা!
যাতে আমাৰ সাহিত্যসাহিত্যৰ জগত উজ্জ্বলি থাকে
তোমাৰ চৰণত চুই আমি অসমীয়া আগুৱাই যাব পাৰোঁ
চন ২৹২১ তাৰিখ১২ আমাৰ মাজৰ পৰা হেৰাই গ'লা।।
__আছিম আহমেদ।