Type Here to Get Search Results !

দুচকুত সপোন

 


দুচকুত সপোন হেজাৰ

হৃদয়ত অসীম বেজাৰ,
অবাস্তবায়িত সপোনবোৰে
কৰেহি ভেঙূচালি,
বাওঁনা হৈ তই বাৰু
চন্দ্ৰলৈ কিয় হাত মেলিলি?
উত্তৰবিহীনভাবে পাৰ কৰো
বহু উজাগৰী নিশা,
উত্তৰ বিছাৰি আজি
ময়ো যে দিশহাৰা।।