মধ্যবিত্তৰ জীৱন
ভিতৰত বাৰ্ধক্য
বাহিৰত মন ভুলোৱা তাৰুণ্য ;
ইয়াত শীতৰ নিশা
সমুদ্ৰৰ তীৰৰ দৰে দীঘল
ইয়াত জীৱন সাপৰ শৰীৰদৰে ভয়াৰ্ত শীতল;
ইয়াত সপোনবোৰে বেদনাৰ ওৰণি টানি
প্ৰতিনিয়ত আন্ধাৰৰ ডালত ওলমি থাকে
এনেদৰেই ওলমি থাকে হাজাৰ হাজাৰ বছৰ ;
নহয় কোনো পোষ্টমৰ্টেম
মৃত্যুৰ কাৰণ উদ্ধাৰ নোহোৱাকৈ থাকি যায় ;
সঁজাত পোহা চৰাইৰ দৰে এই জীৱন
কিছু দানা পানী খাই জীয়াই থাকে ।