নষ্টালজিয়া
সোঁৱৰণীৰ কুঁৱলি ফালি নামি আহিছে,
স্মৃতিৰ টোপোলা কঢ়িয়াই অনা
নষ্টালজিয়াৰ এজাক অভিমানী বৰষুণ।
এটোপ দুটোপকৈ নিগৰি আহিছে
তেওঁৰ স'তে পাৰ কৰা অতীতৰ প্ৰতিজাক সময়।
যি সময়ে ছটিয়াই গৈছিল,
মোৰ হৃদয়ত ভালপোৱাৰ সুগন্ধি সুবাস।
সময়বোৰে যেন আকৌ লৈ গৈছে
মোক অতীতৰ পৃষ্ঠাবোৰে ঢাকি ৰখা সেই দিনবোৰলৈ।
তেওঁৰ স'তে পাৰ কৰা
প্ৰত্যোকটো মুহুৰ্ত মোৰ বাবে আজিও প্ৰিয়।
তেওঁৰ কোলাত মুৰ গুজি কৰা অভিমানবোৰ
হৃদয়ৰ কোনোবাখিনিত আজিওঁ সক্ৰিয়।
কিমান যে ভাল লগা আছিল সময়বোৰ।
তেওঁৰ উপস্থিতিয়ে মোৰ বিষাদনগৰী
উকা কৰি তুলিছিল আৰু আতৰাই
দুখৰ কলিয়া ডাৱৰ লৈ গৈছিল সুখৰ সন্ধানত।
উকা দুচকুত আঁকি থোৱা সপোনবোৰে
যেন সাৰ পাইছিল কেৱল মাথো তেওঁৰেই স্পৰ্শত।
লাহে লাহে বাঢ়ি গৈছিল মৰমবোৰ,
গভীৰৰ পৰা গভীৰতাৰ শিখৰ চুমিবলৈ।
খং,অভিমান সকলোবোৰে সামৰি,
প্ৰবাহিত হৈছিল আমাৰ সম্পৰ্কৰ জীয়াসুঁতি।
এনে লাগিছিল যেন আমাৰ এই সম্পৰ্কত
বিচ্ছেদৰ আগমণ চিৰকালৰ বাবে নিষিদ্ধ হৈ ৰ'ব।
কিন্তু,
অনুমতি অবিহনেই নামি অহা
সেই সময়ৰ ধুমুহাজাকে ভাঙি থৈ গ'ল সম্পৰ্কবোৰ
প্ৰতিশ্ৰুতিবোৰ যেন নিমিষতে চুড়মাৰ হৈ গ'ল।
আৰু হেৰাই গলো আমি দুয়ো কোনোবা অজান চহৰৰ ব্যস্ত ৰাজপথৰ ভিৰৰ মাজত।