Type Here to Get Search Results !

মহৎ লোকৰ বাণী mahat lokar bani assamese

  মহৎ লোকৰ বাণী 




































১) পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে = ডি . এইছ . লৰেঞ্চ ।

২)ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা = মেডাম দ্য চেভিন 


৩)ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় = গ্যেটে ।

৪) ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি = বাট্ৰাণ্ড ৰাছেল । 

৫) একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় = মুল্কৰাজ আনন্দ ।

৬) জীৱনত দুটাই ট্ৰেজেডি = বিচৰাতো নোপোৱা আৰু পোৱাতো  = অস্কাৰ ৱাইল্ড ।

৭) মৰমেহে মৰমক জন্ম দিয়ে = চফ ' কলছ 

৮) কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় = কাৰ্ল ছেণ্ডবাগ 

৯) ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ = এছ . জে . লেক ।

১০) নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে = মাৰ্ক টোৱেইন