তুমি কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়া
মই আজীৱন তোমাক সুখী কৰি ৰখাৰ
প্ৰতিশ্ৰুতি দিম
তুমি মোক লৈ সপোন দেখাৰ প্ৰতিশ্ৰুতি দিয়া
মই তোমাৰ সপোনবোৰ
পূৰ কৰাৰ প্ৰতিশ্ৰুতি দিম
তুমি সুখী হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া
তুমি সুখী হ'ব পৰাকৈ
হাৰি যোৱাৰ কথা ভবা নাই
ভবা নাই ভাগৰি যোৱাৰ কথা
সপোন দেখিবলৈ পাহৰি যোৱা নাই
পাহৰিব বিচৰা নাই আপোনাক পোৱাৰ কামনা
শব্দ বোৰে বাক্য বোৰ জটিল কৰে
আশাবোৰে সপোনবোৰ,
তথাপি জীৱনে জানো
সপোন ৰচিবলৈ পাহৰি যাব পাৰে
জানো সলনি কৰিব পাৰে?
আপোনাক জোৰকৈ সাৱতি ধৰাৰ হাবিয়াস