Type Here to Get Search Results !

মৰমৰ দেউতা


 মৰমৰ দেউতা

ক'ত আছা তুমি ?

সিদিনা একো নোকোৱাকৈয়ে এম্বুলেঞ্চখনত উঠি গুচি গ'লা ৷
তাৰ পিছত আজি এপষেক হ'ল, তুমি নাহিলা ৷
তুমি যোৱাৰ পিছতে মায়ে খুব কান্দিছিল ৷
মাস্ক পিন্ধি মানুহবোৰে মাথোঁ দূৰৈৰ পৰা চাইছিল ৷
আজিকালি মাৰ চকুযুৰি পানীৰেই ভৰি থাকে ৷
কেইদিনমান আগতে মায়ে খুব কান্দিছিল,
তাৰপিছতে বগা কাপোৰ এযোৰ পিন্ধিছিল ৷
দেউতা, তুমি প্ৰায়েই কৈছিলা -
'জীৱনৰ বাটটি সেন্দুৰীয়া নহয়' বুলি,

'তথাপি যাবই লাগিব বাটটিৰ কাঁইটবোৰ উঘালি উঘালি' ৷
তুমি বাৰু সেই কাঁইটবোৰকে উঘালিব গৈছা নেকি ?
জানা, তুমি যোৱাৰে পৰা আমাৰ স্কুল বন্ধ হৈ আছে ৷
তুমি থকা হ'লে কিমান যে সাধু শুনিলোঁহেঁতেন !
পিছে বন্ধত কাৰো স'তে খেলিব পৰা নাই,
খেল পথাৰখন খালি পৰি আছে, লগৰীয়াবোৰো তালৈ নহা হৈছে !
দেউতা, তোমাৰ কজলা পিঠিখনলৈ বৰ মনত পৰে ৷
খেতিদৰা চহাওতে তোমাৰ ঘামবোৰ যে পিঠিৰ পৰা কেনেকৈ মাটিত সৰি পৰিছিল টোপা টোপে !
তুমি কৈছিলা - ভিজা ঘামৰ মাটিতেই সোণ গজে ৷
আমাৰ মাটিদৰাত সোণ বাৰু কেতিয়া গজিব ?

দেউতা, পিছে কথা এটা কওঁ থাওকতে,
আজিকালি ক'ৰোনা ভাইৰাছ য'তে ত'তে,
তুমি যাওতে যেনেকৈ মাস্ক পিন্ধি গৈছিলা
ঠিক তেনেকৈয়ে পিন্ধি থাকিবা দেই ৷
সিদিনা মায়ে তেওঁৰ ধুনীয়া কাপোৰযোৰ
চন্দুকত সোমাই থ'লে, হাতৰ খাৰুযোৰো, ডিঙিৰ গলপতাযোৰো ৷
আজিকালি মায়ে কেৱল বগা কাপোৰেই পিন্ধি থাকে ৷
তুমি নহা বাবে মনটো চাগে ডাৱৰীয়া হৈ আছে, সেই বাবে !
চিঠি পালেই ক'ত আছা জনাবা দেই ৷

মেহজাবিন
বি:দ্ৰ: : তুমি ক'ত আছা নেজানোঁ ৷ মায়েও নকয় ৷
চিঠিখন পিয়ন ককাইদেউৰ দুৱাৰদলিতে দি আহিম ৷
দূৰৈৰ পৰাই ক'ম ঠিকনাটো তেওঁ যেন ভৰাই দিয়ে !