Type Here to Get Search Results !

পত্নীক ​কিয় বেয়া ব্যৱহাৰ কৰিব নালাগে


পত্নীক কিয় বেয়া ব্যৱহাৰ কৰিব নালাগে ?


হোমৰ জুইক সাক্ষী কৰি আপোনাৰ লগত বিবাহ নামৰ বান্ধোনৰ মাজত সোমাই পৰে আপোনাৰ পত্নী ।নিজৰ জন্ম হোৱা ,সৰুৰে পৰা ডাঙৰ দীঘল হোৱা নিজৰ আপোন ঘৰখন চিৰদিনৰ বাবে এৰি থৈ আপোনাৰ ঘৰত প্ৰবেশ কৰে ।নিজৰ ভাললগা বেয়ালগা বোৰ আঁতৰাই আপোনাৰ ঘৰৰ প্ৰয়োজন বোৰৰ মাজত সোমাই পৰে আপোনাৰ পত্নী ।নিজৰ কথা নাভাবি আপোনাৰ মঙ্গল কামনাৰে আঁকি লয় দীঘলকৈ ৰঙা সেন্দুৰ ।
🌿 আপোনাৰ বিপদৰ সময়ত আপোনাৰ পত্নী ।
🌿 আপোনাৰ সুখ দুখত, কাষত আপোনাৰ পত্নী।
🌿 আপোনাৰ বেমাৰ আজাৰত আপোনাৰ কাষত ,আপোনাৰ পত্নী ।
🌿 বৃদ্ধ বয়সত আপোনাৰ সাৰথি আপোনাৰ পত্নী ।
🌿 ঘৰখনৰ বেছি ভাগ কামতেই গুৰু দায়িত্ব আপোনাৰ পত্নী ।
ঘৰখন আপুনি ধুনীয়াকৈ সজালে । ইটা, বালি, শিলেৰে একোটা

মজবুত ঘৰ থিয় কৰালে । যেতিয়া বিয়া খন পাতিছে আপোনাক কব ঘৰখন পাতিলে । আপোনাৰ পত্নী হেৰাই গল মানুহে কব ঘৰখন ভাগি পৰিল ।ইয়াত কিন্তু আপোনাৰ মজবুত ঘৰটোৰ কথা কোৱা নাই আপোনাৰ সংসাৰখনৰ কথাহে কৈছে ।


পত্নীৰ লগত এজোপা গছৰ তলত থাকিলে সেয়াই আপোনাৰ ঘৰ ।পত্নী নোহোৱাকৈ বৃহৎ অট্টালিকাত থাকিলেও সেয়া বৃহৎ অৰণ্যৰ দৰে ,অসম্পূৰ্ণ ।