জোনাকৰ বৰুষুণ
হেঙুলীয়া আবেলি কৃষ্ণচুড়া এপাহি এপাহি
বুটলি
হৃদয় হেপাহৰ ৰংঙে খেলো
চিপ্ চিপ্ বৰুষুণত তিতি তাই জনী
মতলীয়া কৃষ্ণচুড়া সুবাস লই,
জোনাক জোনাক মন মই ৰৈ ৰৈ চাওঁ
তাই জনী যোৱা বাটৰে মই যাওঁ
চেৰেক চেৰেক বিজুলী
মেঘৰ গমগোমনি
হেঙুলীয়া আবেলিটো সচাই এজাক জোনাকৰ বৰুষুণ নামিল
তাই কৃষ্ণচুড়া কাজলি ভৰাই লৈ আহিল
মন দাপোণত সাজ বহুৱাই তাই জনী
জোনাকৰ বৰুষুণত তিতি গলগৈ আৰু নাহিল
কৃষ্ণচুড়া হাহিঁ তাই জনী লগতে ৰল
এপাহি এপাহি কৃষ্ণচুড়া ফুল তাই আলফুলে তুলিছিল
মতলীয়া পছোৱাই তাইক যেন বাউলি কৰিছিল
স্নিগ্ধ জোনাকত তাই জনীক বৰ ৰূপহী সজাইছিল
কৃষ্ণচুড়া তাই মূৰত গুজিছিল
জোনাকৰ বৰুষুণ জাকত তাই তিতি তিতি কৃষ্ণচুড়া পাহি
বুটিলি লৈছিল.