Type Here to Get Search Results !

কান্দি কান্দি নিজকে সোধো

তুমি কোৱাৰ দৰে সকলো ছোৱালী একে

এদিন তোমাৰ ভালপোৱাক ত্যাগ কৰি

আনৰ লগত সুখী হৈ থাকিম

আৰু তুমি মোৰ অতীত হ'বা

এবাৰ ভাবি চাইচা এই হৃদয় খনে

একমাত্ৰ তোমাক বিচাৰে

সহ্য কৰিব নোৱাৰে হৃদয়ে

তোমাৰ লগত বিচ্ছেদৰ কথা ভাবিলে

কান্দি কান্দি নিজকে সোধো

যদি ম‌ই তোমাৰ ভাগ্যতে নাই

তোমাৰ জীৱনলৈ অনাৰ উদ্দেশ্য কি আছিল ?

তুমি কি বুজিবা তোমাৰ বাবে মোৰ ভালপোৱাৰ

মূল্য আছো জানো ধূন

মোৰ চকু পানীৰ প্ৰতিটো টোপালে জান

তোমাৰ প্ৰতি থকা ভালপোৱাৰ গভীৰতা

মই হাৰি গৈছো তোমাৰ ওচৰত

তোমাৰ মৰম বিচাৰি হাবাথুৰি খাই

নিজকে কষ্ট দিছোঁ প্ৰতিটো মূহুৰ্তত

মই জানো অপ্ৰাপ্তিয়ো হ'ব পাৰে

কেতিয়াবা সঁচা ভালপোৱাৰ সংজ্ঞা ,

তথাপিটো মোৰ ভালপোৱাৰ বিশ্বাস

তুমিয়ো সমাজৰ শিকলি চিঙি আকোঁৱালি ল'বা

এদিন প্ৰেমৰ বান্ধোনক ......