তোমাৰ বাবে থাকিব খোলা ।
তোমাৰ বাবে থাকিব খোলা
মোৰ হৃদয়ৰ খিৰিকি,
অসীম অনন্ত কাললৈ
বাট চাম
তুমি আহিবা বুলি।।
ৰৈ আছিলো মই
সীমাহীন আশাৰে
তোমালৈ........।।
অন্তহীন অপেক্ষা ৰে
জন্মৰ পৰা জন্মান্তৰলৈ।।
তথাপিও নাহিলা তুমি
মোৰ উমাল বুকুলৈ
হেজাৰ আশাৰে
আছিলো ৰৈ;
তোমাৰ বাবে নিৰবে কান্দিছো
মূল্যহীন চকুলোৰে।