Type Here to Get Search Results !

People laugh when they see our house ( মোৰ ঘৰ )আমাৰ ঘৰটো দেখিলে মানুহে হাঁহে

 

People laugh when they see our house
 People laugh when they see our house


আমাৰ ঘৰটো দেখিলে মানুহে হাঁহে।

আমাৰ ঘৰটো দেখিলে মানুহে হাঁহে।
লগৰ বন্ধু-বান্ধৱীবোৰক নিজৰ ঘৰটোলৈ আনিবলৈ বেয়া লাগে। এই ঘৰটোৰ ভিতৰৰ মৰমবোৰ কিন্তু মই পাহৰিব নোৱাৰো। দেউতায়ে গৰমৰ দিনবোৰত মোক পিঠিৰ ঘামুচিবোৰ ফুটাই দিবলৈ কয়। ককা-আইতায়ে চোতালত বহি মোক সাধুকথাবোৰ শুনাই। বাৰিষাৰ দিনবোৰত দুখে আমাক কন্দুৱাই। বৰষুণৰ ৰাতি শুবলৈ নোৱাৰো । দুষ্ট বৰষুণ জাকে বিছনা তিয়াই পেলায়। মায়ে বৰষুণ পৰা ঠাইডোখৰত ডাঙৰ বাৰ্চনবোৰ থৈ দিয়ে। কিযে শব্দ টপ টপ টপ,,,।
অ' মা আনৰ ঘৰবোৰৰ দৰে আমাৰ ঘৰটো দেখিবলৈ কিয় ভাল নহয়?
সেইবোৰ ঘৰ দেখিবলৈহে ভাল কিন্ত মৰম আৰু বিশ্বাস সেই ঘৰত পাবলৈ নাই।
দেউতায়ে মোক সদায় কয়
ভালদৰে পঢ়া শুনা কৰ পিতাই। তই চাকৰী এটা পালে আমি ভাল ঘৰত থাকিবলৈ পাম ।
দেউতা, আমাৰ ঘৰটো দেখিলে মোৰ বন্ধুবোৰে হাঁহে। সিহঁতে কয় এনেবোৰ ঘৰত বোলে ভুতহে বাস কৰে।
ভুত নহয় পিতাই। এনে ঘৰত পঢ়া- শুনা কৰি এজন মহামানৱে এসময়ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল। মহান মানৱ কালাম ছাৰ তাৰেই প্ৰমান। সেয়েহে পিতাই ভালদৰে পঢ়া শুনা কৰ। যিবোৰে তোক ঠাট্ৰা কৰে সেইবোৰক কৈ দিবি যে জোপোহা হাবিতো বাঘ থাকে।
তোৰ দেউতায়ে থিক কথাই কৈছে। মানুহৰ ঘৰটোতকৈ শিক্ষা সদায় ডাঙৰ। অট্ৰালিকাত থকা জনেও সদায় দুখত থাকিবলগীয়া হয়। এই খেৰ আৰু গোৱৰে লেপা ঘৰটোৰ মাজত যি মৰম সুমাই আছে তেনে মৰম কক্ৰিটৰ ঘৰবোৰত কেতিয়াও বিছাৰি পোৱা নাযায়।
মা,তথাপিও আমাৰ ঘৰটো দেখিলে মানুহবোৰে হাঁহে কিয়? মোৰ বৰ লাজ লাগে।
মানুহক হাঁহিবলৈ দিয়া। কিছুমান মানুহে এই পৃথিৱীত মাথো আনক উপহাস কৰিবলৈহে জন্ম লৈছে। আমাক ভগৱানে বেয়া নাপালেই হ'ল। শুনা পিতাই দুখীয়াৰ ভগা পঁজাতহে মহাপুৰুষৰ জন্ম হয়।
হেৰা তুমি সঁচা কথা কৈছা। আমাৰ ঘৰটো আনবোৰ ঘৰৰ দৰে ন'হব পাৰে কিন্ত এই ঘৰৰ ভিতৰৰ মৰম আৰু বিশ্বাসবোৰ আন ঘৰত পাবলৈ নাই। পিতাই পঢ়ি শুনি ডাঙৰ মানুহ হবলৈ যত্ন কৰ। মনত ৰাখিবি কষ্টৰ ফল সদায় মিঠা কিন্তু ইয়াৰ ঘাই শিপাডাল বৰ তিতা।
মই ভালদৰে পঢ়িম দেউতা। মই তোমালোকক সদায় সুখত ৰাখিম। মই বুজি পালো দেউতা ঘৰ যেনেকুৱাই নহওঁক কিয় ঘৰখনৰ মাজত থকা বিশ্বাস,ভালপোৱা বোৰহে প্ৰকৃত শিক্ষা।
সেয়েহে পিতাই ঘৰ যেনেকুৱাই নহওঁক কিয় তুমি যদি সন্মানৰ যোগ্য হোৱা ধনীজনেওঁ তোমাক সন্মান কৰিব।সেয়েহে ভালদৰে পঢ়া-শুনা কৰি আগলৈ আগবাঢ়ি যোৱা। গোলাপৰ কাঈট দেখি গোলাপ ফুলক বেয়া পোৱা মানুহ কেতিয়াওঁ নহবা। মানুহ হবলৈ হ'লে জীৱনৰ কঠিন সমস্যাবোৰৰ সৈতে যুদ্ধ কৰা। নিশ্চয় এদিন সফল হবাই।