দায়িত্ব
এজন পুৰুষ হৈ জন্ম লৈছো যেতিয়া সকলো দায়িত্ব পালন কৰিব লাগিব। আজি পত্নীৰ প্ৰসৱৰ সময়। মোক বাৰে বাৰে পত্নীয়ে কৈছে
::মোৰ বৰ ভয় লাগিছে। প্ৰথম সন্তান জন্ম দিম। আপুনি মোৰ লগতেই থাকিব দেই।
::তোমাৰ লগত মই সদায় থাকিম।
::পেটতো হনা খুছা কৰি আছে। বৰ ভয় হৈছে।
::হেৰা ভয় নকৰিবা মই আছো নহয়। সকলো ঠিক হৈ যাব। ভগৱানৰ নাম লোৱা।
পত্নীক ওচৰৰে চিকিৎসালয় খনত ভৰ্তি কৰোৱা হ'ল। আজি প্ৰসৱ বেদনাত তাই ছটফটাই ফুৰিছে। নাৰী জীৱনটো বৰ কষ্টকৰ। এই সময়ত মই পত্নীৰ সাহস হব লাগিব।
::আপুনি এওঁৰ গিৰীয়েক নেকি?
::হয় কওঁকচোন?
:: মানুহগৰাকী অৱশ হৈ পৰিছে। তেজৰ প্ৰয়োজন হব পাৰে।
::মই তাইৰ কাষলৈ এতিয়া যাব পাৰিম নে?
::এতিয়া নোৱাৰিব।
::কিয়?
::ইয়াত কোনো প্ৰশ্নৰ কথা আহি নপৰে। আমি আছো নহয় সকলো ঠিক হৈ যাব।
::তেজৰ প্ৰয়োজন হলে মোক ক'ব। মই দিবলৈ সাজু আছো। পিছে তাইৰ মুখখন এবাৰ চাবলৈ মন গৈছিল ডক্তৰ।
::চাবলৈ নিশ্চয় পাব কিন্তু এতিয়া নহয়।
::মই তাইৰ সাহস। মই তাইৰ ওচৰত থাকিলে সাহস পাব।
::আপুনি আবোল-তাবোল কথাবোৰ এতিয়া কৈ নাথাকিব ।
::ডক্তৰ তাই মোৰ মৰমৰ হয়। তাইৰ চিঞৰবোৰ মোৰ সহ্য হোৱা নাই।
::সহ্য কৰক।
::প্লিজ ডক্তৰ আপুনি মোক পত্নীৰ কাষলৈ যাবলৈ দিয়ক।
::আপুনি অধৈয্য নহব। ভগৱানক প্ৰাৰ্থনা কৰক। সকলো ঠিক হৈ যাব।
পত্নীৰ মুখখন চাবলৈ বৰকৈ মন গৈছে। তাই বা কি কৰি আছে। পত্নীৰ প্ৰসৱ বেদনাৰ চিঞৰটো শুনিয়েই মোৰ চকুলো ওলাই আহিল। হেই ভগৱান তুমি মোৰ পত্নীক ৰক্ষা কৰিবা।
তাই শুই থকা ৰুমটোত নাৰ্চ সকলৰ চিঞৰ বাখৰ শুনিছো। বুকুখন ধপধপাইছে। মনটোৱে হাহাকাৰ কৰিছে। পত্নীৰ কিবা হৈছে নেকি?
::আপুনি এওঁৰ কোন হয়?
::বাইদেউ মই এওঁৰ গিৰীয়েক মানে স্বামী হয়।
::
অভিনন্দন
আপুনি কন্যা সন্তানৰ বাপেকী হ'ল।::কি? মই বাপেক হ'লো।
::হয়। পিছে আপোনাৰ পত্নীক তেজৰ প্ৰয়োজন হব। মানুহজনী দুৰ্বল হৈ পৰিছে। যাওঁক আপুনি এবাৰ পত্নী আৰু কন্যা সন্তানক চাই আহক।
পত্নীয়ে শুই থকা ৰুমটোৰ ফালে মই আগবাঢ়ি গলো। তাইৰ মুখলৈ চাই কান্দিলো আৰু কন্যা সন্তাৰ মুখলৈ চাই হাঁহিলো
::আপুনি মোক দেখি চকুলো টুকিছে যে ।
::হেৰা মোৰ বৰ ভয় হৈছিল। তুমি বৰ কষ্ট পাইছা। মোৰ তোমালৈ বৰকৈ মনত পৰিছিল ।
::আপুনি কান্দিছে যে?দুখ নকৰিব নহলে ময়ো কান্দি দিম।
::তোমাৰ মুখখন শুকাই গ'ল। তুমি দুৰ্বল হৈ গ'লা।
::এইটো সময়ত সকলো নাৰীয়েই দুৰ্বল হৈ পৰে।
::হেৰা,মোৰ দায়িত্ব বাঢ়িলে।
::কি দায়িত্ব।
::ঘৰলৈ লক্ষ্মী আহিছে। এতিয়া আদৰ- সাদৰ কৰাৰহে কথা
::হয়। পিছে আপুনি আজি বৰ সুখী নহয় জানো?
::মই সুখী । কাৰন ঘৰখনত সকলো লক্ষ্মীয়ে আছে। তুমি,মা আৰু আমাৰ ছোৱালীজনি।
::হয়নে?
::হয় । এতিয়া মোৰ বাবে দায়িত্ব আৰু কৰ্তব্য বাঢ়ি গ' ল। তুমি আৰাম কৰা। তোমাক এতিয়া আৰামৰ প্ৰয়োজন।
::শুনিছেনে?
::কি কোৱা?
::চুমা এটা নিদিয়ে।
::দিম আজিৰ পৰা চুমাৰ ভাগবতৰা হব। এটা তুমি পাবা আৰু এটা আমাৰ জিয়ৰীয়ে পাব।
::তাই ডাঙৰ হলে ছোৱালী বুলি অনাদৰ নকৰিব।
::মই তেনে পুৰুষ নহয়। আজিৰ পৰা মোৰ দায়িত্ব বাঢ়িল। ছোৱালী সন্তান সকলোৱে মৰমৰ। মোৰ দুচকুত ছোৱালী আৰু লৰা সন্তানৰ কোনো পাৰ্থক্যয়ে নাই।
::হয়। সেয়েহে আপোনাক মই ভাল পাওঁ। আপুনি নাৰীক সন্মান দিব জানে? ব'লক এতিয়া ঘৰলৈ যাওঁ।
::আগতে তুমি সম্পূৰ্ন সুস্থ হৈ লোৱা। তাৰ পাছতহে ঘৰলৈ যাম।
শুনা নাৰীক সন্মান দিয়াটো প্ৰতিজন পুৰুষৰ দায়িত্ব আৰু কৰ্তব্য।
পত্নীৰ সুখৰ হাঁহিটো দেখি ভাল লাগিল কিন্ত পত্নীয়ে এটা কথা এতিয়াও গ'ম পোৱা নাই কাৰন তাই দ্বিতীয় বাৰৰ বাবে মাতৃ হ'ব নোৱাৰিব। সেয়াও এটা মোৰ দায়িত্ব আহি পৰিল। তাই যাতে এই কথাটো কোনোদিনে গ'ম নাপায়। আমাৰ এজনীয়ে ছোৱালী আৰু কি লাগিছে। সুখী হবলৈ জানিলে এটা সন্তানেই যথেষ্ট নহয় জানো?