Type Here to Get Search Results !

মোহ-মায়া

মোহ-মায়া


মাৰ মৃত্যুৰ এমাহৰ পাছতেই মোক অকলশৰীয়া কৰি পত্নীয়ো মোৰ পৰা চিৰদিনৰ বাবে আতৰি গুছি গ'ল। মাৰ মৃত্যুত মোৰ বুকুৰ দুখৰ ঘাঁ টুকুৰা শুকাবলৈ নাপাওঁতে অন্য এক দুখৰ শৰ এপাটে মোৰ হৃদয়ত বেয়াকৈ বিন্ধিলে। মহাদেৱৰ দৰেই পত্নীৰ মৃত শৰীৰটোক আকোৱালি লৈ মই ইনাই -বিনাই চকুলো টুকিছিলো। তাইৰ চকু দুটা বাৰে বাৰে মই দুহাতেৰে মেল খুৱাই দিছিলো। দুবাহুত ধৰি জোকাৰি জোকাৰি কৈছিলো
:: অই দেহা,মোক সোনটো বুলি এবাৰ মাত। ঐ দেহা মোৰ মুখলৈ এবাৰ চাই মিছিকীয়া হাঁহি এটা মাৰি দিয়া। প্লিজ দেহা মোক শেষবাৰৰ বাবে এবাৰ সোনটো বুলি মাতা। দেহা,,,,,,।
নাই । তাই নামাতে। ইমান ধুনীয়াকৈ বিছনাখনত শুই আছে। তাইক তহঁতে শুৱাৰ পৰা জগুৱাই নিদিবি দেই।
অতীতৰ কথাবোৰলৈ মনত পৰিল তাই পুৱাতে শুৱাৰ পৰা উঠিয়েই মোক সাৱত মাৰি ধৰি সদায় কয়
--- অ' সোন চুমা এটা দিয়ানা? তুমি চুমা এটা দিলেহে মই তোমালৈ চাহ বনাই আনিম।
---হয়নে,মোৰ মৰমৰ দেহাজনী। আজি চুমা দিবলৈ মন যোৱা নাই।
---হয় নেকি? তেনেহলে চাহ খাবলৈয়ো নোপোৱা।
তাই অভিমান কৰি মোৰ ওচৰৰ পৰা আতৰিব খুজোতেই হাতখনত থাপ মাৰি ধৰি কওঁ
-- আকৰীজনী মই ধেমালিহে কৰিছো । আমাৰ আহিবলগীয়া সন্তানটোৰ শপত খাই কৈছো। মই তোমাক বৰ ভাল পাওঁ।
--যদি মোৰ মৃত্যু হয় তেতিয়া?
--তেনেবোৰ কথা মুখলৈ নানিবা। এইবোৰ কথা কলে মৃত্যুয়ে ছল পায়। আমাৰ আহিবলগীয়া সন্তানটোৰ কথা চিন্তা কৰা ।
--এতিয়াও সি আহিবলৈ দুমাহ বাকি আছে।
---আমাৰ কথাবোৰ চাগৈ মনে মনে সি তোমাৰ গৰ্ভৰ পৰায়েই শুনি আছে।
-- ৰাতি সি বৰ আমনি কৰে। মোৰ গৰ্ভত সি খেলি থাকে। ভৰি জোকাৰি নাচে,হাঁহে। মোৰ তাৰ কথাবোৰ ভাৱিলেই কিবা ভাল লাগে।
---এই দুমাহ তুমি সাৱধানে থাকিবা। গধূৰ বস্তুবোৰ দাঙি নাথাকিবা।
--আপুনি মোৰ বৰ যত্ন লয় দেই।
--লবয়েই লাগিব । কাৰন তুমি মোৰ পত্নী।
---এতিয়া কথাবোৰ ইমানতে সামৰণি মাৰক। বিছনাৰ পৰা উঠি মুখ-হাতবোৰ ধূই লওঁক। মই চাহ ৰেডি কৰোগৈ ।
--- তুমি খুজা বস্তুটো নালাগে নেকি?
---খুজিলেহে দিয়ে। এনেইটো দিব নাজানেই। আজি নালাগে দিয়ক।
---দূৰৈৰ পৰাই দিছো লোৱা। পালানে? এইটোক বোলে উৰণীয়া চুমা বুলি কয়।
---পালো। বুকুৰ মাজত সাচি ৰাখিছো।
আজি পত্নীৰ প্ৰসৱৰ দিন। পেটৰ বিষত মানুহজনী ছটফটাই ফুৰিছে। মই গাওঁৰে আশাবাইদেউক মাতিলো। আশা বাইদেউয়ে লগে লগে ১০৮ খনলৈ ফোন কৰিলে। গাওঁলীয়া ৰাস্তা ।১০৮ খনৰ ড্ৰাইভাৰবোৰে আহিব টান পায়। কেতিয়াবা সিহঁতে কাৰোবাৰ পৰা টকাওঁ লয়। মানুহজনীয়ে মোৰ হাতত ধৰি বাৰে বাৰে কৈছে
---হেৰি,মোৰ পেটতো বৰকৈ বিষাইছে। মই জীয়াই নাথাকিমেই কিজানি।
--হেৰা,ভগৱানৰ নাম লোৱা। আমাৰ দৰে দুখীয়া মানুহক বিপদৰ সময়ত ভগৱানেই সহায় কৰে। এই ১০৮ গাড়ীখন ইমান দেৰি কৰিছে নে?
আশাবাইদেউয়ে মোক কলে
---গাওঁলীয়া বোকা ৰাস্তা। অই সৰুপোনা। তই তাইক ভালদৰে ধৰ । গাড়ীখন তহঁতৰ পদূলিতে ৰৈ আছে।
মই আৰু সম্পৰ্কৰ ভাইটী এটায়ে পত্নীক ধৰি লৈ লাহে লাহে গাড়ীখনৰ ওচৰ পালোগৈ। গাড়ীখনত তাইক শুৱাই দিলো। তাই মাথো মোৰ হাতখনত ধৰি কৈছে
---হেৰা মই হয়তো জীয়াই নাথাকিম। তাই চিঞৰিবলৈ ধৰিলে। তাইৰ চিঞৰ শুনি আশাবাইদেউয়ে গাড়ীৰ পৰা মোক আৰু ড্ৰাইভাৰক আতৰি যাবলৈ ক'লে। গাড়ীৰ ভিতৰতেই পত্নীয়ে এটা পুত্ৰ সন্তান প্ৰসৱ কৰিলে ।
--- অই তোৰ ঘৈণিয়েৰক তেজ দিব লাগিব।
--- কি?
---তাই অৱশ হৈ গৈছে।
--- মই তাইক তেজ দিম। অতি সোনকালে তাইক চিকিৎসালয়লৈ লৈ যাব লাগে।
মই পত্নীৰ কাষতে বহি চুলিটাৰীত হাত বুলাই দি ক'লো
---মই তোমাৰ কাষত আছো। তুমি একো চিন্তা নকৰিবা।
তাই ভঙা ভঙা মাতেৰে সন্তানটোলৈ মোক দেখুৱাই ক'লে
---মই তোমাক মৰমৰ উপহাৰ এই সন্তানটো দিলো। মোৰ যাবলৈ সময় হ'ল। চুমা এটা দিবানে?
মই কান্দি কান্দি পত্নীৰ গালত চুমা এটা দিলো। তাই মোলৈ চাই জীৱনৰ শেষ হাঁহিটো মাৰি এই সংসাৰৰ পৰা বিদায় মাগিলে।
--- দেহা ঐ মোক এৰি থৈ কিয় গুছি গ'লি। মই আজিৰ পৰা কাৰ লগত মৰম আৰু অভিমানৰ খেল খেলিম। দেহা,,,,,,,,।
সন্তানটোৰ কান্দোন শুনি মই নিজকে চম্ভালিবলৈ যত্ন কৰিলো। মই পত্নীৰ মৃত শৰীৰটোৰ কাষত বহি কান্দি আছিলো।কোনোবাই সন্তানটো মোৰ হাতত দি ক'লে
---এইবোৰ হৈছে সংসাৰৰ মোহ-মায়া। এই মায়াৰ জালত আবদ্ধ হৈ থাকিলেই নহব। সন্তানটোৰ মুখলৈ এবাৰ চা। তোৰ পত্নীক এতিয়া বিদায় দে। আমাৰ কামবোৰ কৰিব দে।
মই পত্নীৰ ভৰিদুখন চুই সেৱা জনালো। ভকতসকলে ঘোষা গাইছে। তাইক চাৰিজন মানুহে কান্ধত লৈ গৈ আছে। মোৰ পৰা বহুদূৰ বহুদূৰলৈ।