আপুনি মোক সদায় কিয় গালি পাৰে? আপুনি মোক নিজৰ পত্নী বুলি নাভাৱে নেকি?
মাজনিশা মনে মনে মই চকুলো টুকো। যিখন ঘৰলৈ বিয়া হৈ আহিলো সেইখন ঘৰত মৰম পাবলৈ নাই । সকলো যন্ত্ৰৰ দৰেই হৈ পৰিছে। মানুহজনে অফিচৰ পৰা আহি ভাতকেইটা খাই বিছনাত শুই পৰে। মোৰ লগত কথা পাতিবলৈ তেওঁৰ সময়ৰ অভাৱ। এই অভাৱে মোক বিৰক্তি কৰি তুলিছে।ভাৱিছিলো মোৰ মনৰ মানুহজনে মোক মৰম কৰিব। দুগালত চুমা উপচাই দিব। মই তেওঁৰ বুকুৰ মাজত শুই মনৰ সুখবোৰ বুটলিম। ভৱা কথাবোৰ ভৱাতেই থাকি গ'ল। মোক তেওঁ যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰে।তেওঁ মদ খাই আহি মোক অশ্লিল গালি পাৰে। মই তেওঁৰ দুগালত চুমা দিব খুজিলেও মোক বাধা দিয়ে।
আপুনি মোক সদায় কিয় গালি পাৰে? আপুনি মোক নিজৰ পত্নী বুলি নাভাৱে নেকি?
তুমি মোৰ পত্নী? কপালত সেন্দুৰৰ দাগ লগালো বুলিয়েই তুমি মোৰ পত্নী হৈ গ'লা। এয়া মায়া । সকলো মোহ-মায়া।
এয়া আপুনি কি কথা কলে?
ঘৰখনৰ সন্মান ৰক্ষা কৰিবলৈ মই তোমাক বিয়া কৰিলো কিন্তু,,,.?
মানে? আপুনি কি কবলৈ বিচাৰিছে?
মই তোমাক লৈ সুখী নহয়। তুমি মোৰ পত্নী কিন্ত প্ৰেমিকা নহয়।
কিয় পত্নীৰ আন এটা ৰূপ প্ৰেমিকা নহয় নেকি?
যিগৰাকী নাৰীক মই ভাল পাইছিলো তাই এতিয়া আনৰ পত্নী। মোৰ প্ৰেমক বিৰ্ষজন দি তাই আনৰ হৈ গুছি গ'ল। নাৰীক সেইকাৰনে মই বিশ্বাস নকৰো। তুমিয়ো হয়তো আনৰ প্ৰেমক বিৰ্ষজন দি আজি মোৰ পত্নী হৈছা।
সকলো নাৰী তেনেকুৱা নহয় ।
নাৰীক মই বিশ্বাস নকৰো। দুমুখীয়া সাপৰ দৰেই বিষাক্ত নাৰী। তুমি মোক মৰম দিব নালাগে। নাৰীৰ মিছলীয়া মিছা মৰম মোক নালাগে।
মোক এবাৰ মৰম দি চাওঁক। মই গোটেই জীৱন আপোনাক সুখ দিম ।
তায়ো তেনেকৈয়ে কৈছিল কিন্ত শেষত মোৰ বুকুৰ চৰাইজনী আনৰ বাহঁলৈ উৰা মাৰিলে। সেয়েহে মই কোনো নাৰীকে বিশ্বাস নকৰো।
আপুনি নিজৰ মাক বিশ্বাস নকৰে নেকি?তেওঁ এগৰাকী নাৰী।
মা আৰু প্ৰেমিকাৰ মাজত পাৰ্থক্য আছে।
আপুনি গোটেই নাৰী জাতিক বিশ্বাস নকৰো বুলি কোৱাৰ বাবেহে কথাষাৰ কলো। শুনকছোন মই আপুনি ভৱাৰ দৰে সেই নাৰীগৰাকী নহয়। মই আপোনাৰ পত্নী সেয়েহে মই আপোনাৰ পৰা অলপমান মৰম বিচাৰো।
মোৰ হৃদয়ৰ মৰমবোৰ কেতিয়াবাই শেষ হৈ গ'ল।
মই আপোনাৰ বুকুৰ মৰমবোৰ পুনৰ ঘুৰাই আনিম।
শুকান মৰুভূমিত পানি বিচাৰিলে পাবা জানো?
কিয় নাপাম। মাথো বালিত জমা হোৱা পানীবোৰ বিচাৰিব জানিব লাগিব। মোক আপোনাৰ বুকুৰ মৰম লাগে। আপোনাৰ অকনমান মৰম পাবলৈ মই বলীয়া হৈ পৰিছো । নাৰীয়ে নিজৰ স্বামীৰ পৰা মৰম বিচাৰে। প্লিজ আপোনাৰ বুকুৰ মৰমবোৰ মোৰ বুকুৰ মাজত এবাৰ মিহলাই দিয়ক। মৰমৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো।
হেৰা,মই তোমাক মৰম দিব নোৱাৰো। মোৰ মৰমবোৰ আনে কেতিয়াবাই কাঢ়ি লৈ গ'ল।
আপুনি মিছা কথা কৈছে। মৰম কেতিয়াওঁ শেষ হৈ নাযায়। আপোনাৰ বুকুৰ মৰমবোৰ নাপাই মোৰ হিয়াৰ মৰমবোৰে উচুপি কান্দিছে। মই আপোনাক এৰি থৈ যোৱা নাৰীগৰাকীৰ দৰে নহয়। অনুগ্ৰহ কৰিছো এবাৰ মোক বুকুৰ মাজত সাৱতি ধৰক।
মই কথাবোৰ কৈ হুকহুকাই কান্দিলো। তেওঁ হয়তো কিবা বুজি পালে। মোক আজি বুকুৰ মাজত তেওঁ সাৱতি লৈ চকুলো টুকিছে। বাৰে বাৰে মোৰ ওঠত চুমা খাই এটায়ে কথা কৈছে
আজি মোৰ মৰমবোৰে সুখত কান্দিছে। তোমাৰ হিয়াৰ সুগন্ধত মোৰ বুকুখন পদুমৰ পাহিৰ দৰে ফুলি উঠিছে। মোক তেওঁ বুকুৰ মাজলৈ টানি লৈ গ'ল। ময়ো বাধা নিদিলো কাৰন মোৰ হিয়াৰ মৰমবোৰে আজি সুখত নাচিব খুজিছে। মনে মনে সুখত মৰমবোৰে সুখৰ চকুৰপানী টুকিছে। মৰমবোৰে সুখত কান্দিছে।