স্বাধীনতা
::মোক সদায় কিয় মাৰি থাকে?কাবৌ কৰিছো মই ,প্লিজ মোক নামাৰিব ।
::কুকুৰণী, ঘৰৰ পৰা যৌতুকত কি আনিছিলি? বদমাচি তিৰোতা,আতৰি যা মোৰ জীৱনৰ পৰা।
::আপুনি মোক কিয় বিয়া পাতিছিল? সদায় মোৰ জীৱনটোক উপভোগ কৰিবলৈ বিয়া পাতিছিল নেকি?
::মাইকী মানুহৰ শৰীৰটোৱেই মেইন। এই শৰীৰটোৰ শেষ হৈ গলে আৰু একো নাথাকে। তই নাৰী সেয়েহে পুৰুষৰ তলতীয়া হৈয়ে সদায় থাকিবি। মূৰ তুলি কথা কোৱাৰ অধিকাৰ তোৰ নাই।
:: নাৰীক ভগৱানে সৃষ্টি কৰিছে। আপুনি নাৰীক কিয় বেয়া পায়? নাৰীয়ে কি ভুল কৰিলে?
::তই মোৰ মুখে মুখে কথা নকবি। নাৰী পুৰুষৰ দাসী। তই সদায় মই যি কথা কওঁ সেই কথাবোৰ শুনিব লাগিব। নহলে তোৰ শৰীৰত সদায় চাবোকেৰে কোবাম।
::আপুনি সঁচাকৈ পুৰুষ নে?
::পুৰুষৰ জাতত ধৰি কথা নকবি। মোৰ দৰে পুৰুষে তহঁতৰ দৰে নাৰীক ভৰিৰ তলত সদায় ৰাখো। এতিয়া সেইবোৰ বাদ দে। তোৰ শৰীৰটো মোক এবাৰ উপভোগ কৰিবলৈ দে।
::নাৰীৰ শৰীৰৰ মূল্য আছে। ভগৱানে নাৰীৰ শৰীৰটোক উপভোগ কৰিবলৈ সৃষ্টি কৰা নাই।
::তহঁত আমাৰ সদায় দাসী হৈয়ে থাকিব লাগিব।
::মই আপোনাৰ পত্নী। মই আপোনাৰ দাসী নহয়। প্লিজ মোক আপুনি বাৰে বাৰে মনত কষ্ট নিদিব।
::তই মোৰ পত্নী ।তোৰ দৰে বহুতো নাৰীয়ে মোৰ বিছনাত সদায় শুবলৈ আহে। তোৰ হে বাহাদুৰী বেছি। মোৰ কাষচাপি আহ। অলপ মৰমহে কৰিম।
::আপোনাৰ দৰে লম্পট পুৰুষৰ মৰম মোক নালাগে।
::মই তোৰ স্বামী। মোৰ ইচ্ছামতেই তোক ব্যৱহাৰ কৰিম?
::মই আপোনাৰ পত্নী। মোক মানুহৰ দৰে ব্যৱহাৰ কৰক। বজাৰৰ সামগ্ৰীৰ দৰে মোক ব্যৱহাৰ নকৰিব। মই এতিয়া গৰ্ভৱতী হৈ আছো আৰু মোক শাৰিৰীক ভাৱে কষ্ট নিদিব।
::মোৰ ইচ্ছা। মই তোক যিয়েই কৰো কাৰন মই তোৰ মতা। তোৰ শৰীৰৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে।
::এইখন দা মই হাতত লৈ আছো। আপুনি মোৰ স্বামী হলেওঁ সদায় মোৰ অনুমতিৰ অবিহনে মোক শাৰিৰীক নিয্যাৰ্তন কৰি আছে। কিন্ত আজি আপুনি মোৰ শৰীৰত হাত দিলে আপোনাৰ হাত কাটি দিম।
::বদমাছি তিৰোতা। এইখন ঘৰৰপৰা ওলাই যা। তোৰ দৰে মাইকীৰ কোনো কাম নাই।
::মই যাম কিন্ত যোৱাৰ আগতে এটা কথা কৈ যাওঁ নাৰীক নাৰীৰ দৰেই ব্যৱহাৰ কৰিব। আপোনালৈ বিয়া হ'লো বুলিয়েই মই আপোনাৰ ভোগৰ সামগ্ৰী নহয়। মই আপোনাৰ পত্নী। আপোনাক মই সদায় সন্মান কৰো ।আপুনি মোক সন্মান নকৰে ।নাৰীৰ শৰীৰটো পুৰুষে ভোগ কৰিবলৈ ভগৱানে সৃষ্টি কৰা নাই। নাৰীৰ শৰীৰটোতকৈ মনটোক বুজি পাওঁক। আপোনাক কি বুজাম কাৰন আপুনি মোৰ মনটোতকৈ শৰীৰটোক বেছি ভাল পায় সেয়েহে মোৰ অনুমতিৰ অবিহনেও আপুনি মোৰ শৰীৰটো সদায় উপভোগ কৰে। আজিৰ পৰা সেই সুবিধা আপোনাক দিয়া নহব । মোৰো স্বাধীনতা আছে । সেয়েহে আপোনাৰ হাতৰ পৰা মই আজি মুক্ত হৈ যাম। মোৰ পাছে পাছে আহিবলৈ আপুনি চেষ্টা নকৰিব। প্ৰথমে নাৰীৰ জীৱনটোৰ বিষয়ে অধ্যয়ণ কৰক তাৰ পাছতহে মোক পত্নী হিচাপে গ্ৰহন কৰক।