ভাৰতৰ স্বাধীনতা সংগ্ৰাম কৰাৰ সময়ত বৃটিছৰ কাঠগড়াত থিয় হৈ বীৰ মাদানী চাহেবৰ ঈমান দীপ্ত হুঙ্কাৰৰ ইতিহাস।
শ্বাইখুল ইছলাম হজৰত মাওলানা ছায়্যিদ হুছাইন আহমদ মাদানী (ৰহঃ)ক ইংৰাজ সকলৰ বিৰুদ্ধে জিহাদ কৰাৰ অপৰাধত কৰাচিত এটা কোর্টত উঠুৱা হয়!
বৃটিছ বিচাৰপতি জনে মাদানী চাহেবক প্রশ্ন কৰিলে "মৌলৱী চাহেব! আপুনি জানে নে? আমাৰ বিৰুদ্ধে আন্দোলন কৰাৰ শাস্তি কি হ'ব পাৰে ?
তেতিয়া মাদানী চাহেবে ক'লে " হয় মই বহুত ভাল কৈ জানো" এই কথাখিনি কৈ নিজৰ মুৰৰ পৰা কাফনৰ কাপড় খুলি দেখুৱাই ক'লে এইটোৱে মোৰ শাস্তি!(ফাঁচী দিয়াৰ পিছত পিন্ধোৱা কাফন)
বৃটিছ বিচাৰপতিজনে ক'লে "আপুনি কাফনৰ কাপোৰ কিয় আনিছে? ফাঁচীৰ আছামিক চৰকাৰৰ ফালৰপৰা কাফন প্রদান কৰা হয় সেইটো নাজানে নেকি?
তেতিয়া মাদানী চাহেবে ক'লে "আমি জিহাদ কৰোঁ একমাত্র হক প্রতিষ্ঠা কৰাৰ বাবে ! যদি আল্লাহৰ দৰবাৰত যাবই লাগে, তেনেহ'লে নিজৰ কাফন পিন্ধিয়ে যাম! কোনো বৃটিছ বেনিয়া সকলে দিয়া কাফন পিন্ধি নাযাওঁ।
তেতিয়া বৃটিছ বিচাৰপতি জনে আচৰিত হৈ ক'লে "এই মৌলৱী চাহেবে সকলো সময়ত কাফনৰ কাপোৰ লগত লৈয়ে ফুৰে তাক মৃত্যুৰ ভয় দেখুৱাই লাভ নাই! তাক এৰি দিয়া....
জুৰআত(সাহসীকতা) কা নাম হে দেউবন্দৱালে...!
আমাৰ আকাবিৰসকলৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভুমিকা থকাৰ বাবেই আমি আজি বুকু ফুলাই ক'ব পাৰোঁ "আমি ভাৰতীয় মুছলিম।" আমি ভাৰতীয় হিচাপে আমাৰ সমঅধিকাৰ আছে।
হে আল্লাহ! তুমি আমাৰ আকাবিৰসকলক জান্নাতৰ উচ্চ মৰ্যাদা দান কৰা। আমীন