নাপাওঁ বুলি জানিও প্ৰেম কিয় হয়?
নাপাওঁ বুলি জানিও প্ৰেম কিয় হয়?
সেই ভালপোৱা যেতিয়া আনৰ হৈ যায়
বুকুৰ মাজত সহিব নোৱাৰাবিষহয়
মইয়ো কাৰোবাক ভাল পাওঁ।
বহুত ভাল পাওঁ।
তাইৰ প্ৰতি মোৰ এই ভালপোৱা কিমান
জুখিব নোৱাৰোঁ
কিন্তু এটা কথাই জানো তাইৰ অবিহনে
জীয়াই থাকিব নোৱাৰোঁ
নাজানোঁ তোক কিয় ইমান ভাল লগা হ'ল!
দিনটোত এবাৰ তোৰ লগত
কথা নাপাতিলে ভালেই নালাগেচোন।
দিনটোত তোৰ এটা মেচেজ নাপালে,
তোক অনলাইন নেদেখিলে
মনটো বেয়া লাগে
তোলৈ বৰকৈ মনত পৰে
মইয়ো জানো তইয়ো মোক বহুত ভালপাৱ'
মোৰ লগত কথা পাতিব বিচাৰ',
মোৰ লগত কথা পাতি সুখী অনুভৱ কৰ',
দুখৰ মাজতো অলপ হ'লেও হাঁহিব পাৰ'।
কিন্তু তেতিয়াই মনটো বিষাদেৰে ভৰি পৰে
যেতিয়াই এই কথা মনলৈ আহে যে,
তোক মই সাগৰৰ সমান ভালপালেও,
মোৰ সমস্ত ভালপোৱা দি হ'লেও তোক
নিজৰ কৰিব নোৱাৰোঁ।
"আমাৰ জানো বিয়া হ'ব?
তই জানো মোক নিজৰ কৰি ল'ব পাৰিবি?"
তই এনেকৈ সুধিলে
মোৰ ওচৰত তোক দিবলৈ
একো উত্তৰ নাথাকে,
নিমাত হৈ ৰওঁ।
তোৰ এই কথাষাৰ শুনিলে
বুকুত খোঁচা-বিন্ধা কৰে
অসহ্য বিষ হয়,
শোকে খুন্দা মাৰি ধৰে।
তোক যে নিজৰ কৰি নাপাওঁ
এই কথাটো মনত পৰিলে
বুকুৰ ভিতৰৰ এটুকুৰা
মঙহ যেন এৰাই পৰিছে
নোহোৱা হৈ গৈছে
তেনেকুৱা অনুভৱ হয় ।
কেতিয়াবা ভাবোঁ
তোৰ কাৰণে গোটেই পৃথিৱীৰ
সৈতে কাজিয়া কৰিম তোক
নিজৰ কৰি ল'ম!
কিন্তু আকৌ ভাবোঁ
আনক দুখ দি জানো
আমি সুখী হ'ব পাৰিম?
তোক জোৰ কৰি জানো
নিজৰ কৰিব পাৰিম
তোক যে ভালপাওঁ সেইবাবে কেতিয়াও
তই বেয়া পোৱাটো কৰিব নিবিচাৰোঁ,
তোক জোৰ কৰি নিজৰ কৰিব নিবিচাৰোঁ।
তোৰ প্ৰতি মোৰ এই
ভালপোৱা সদায় আছে
আৰু সদায় থাকিব ।
তোক নিজৰ কৰি নাপালেও
তোৰ প্ৰতি মোৰ মৰম ভালপোৱা
কম হৈ নাযায়
সদায় জীয়াই থাকিব।
বুকুৰ মাজত এটা বিষাদৰ
সুৰ হৈ সদায় বাজি থাকিবি।
এই জনমত নহ'লেও
অহা জনমত তোৰ হৈ
জনম ল'ব বিচাৰোঁ।
মাথোঁ তই সদায় সুখত থকাটো বিচাৰোঁ,
হাঁহি থকাটো বিচাৰোঁ।
তোৰ যদি মোৰ প্ৰতি
ভালপোৱা সঁচা আছিল
আমি ইটোৱে সিটোৰ পৰা হেৰাই গ'লেও
মোৰ বিশ্বাস এদিন হ'লেও মোলৈ তোৰ
মনত পৰিব....
এটা ল'ৰা আছিল
যি মোক পাগলৰ দৰে ভালপাইছিল