Type Here to Get Search Results !

Assam Geography অসম ভূগোল 1.(GK)

 

অসম

ভূগোল

১। অসমৰ অৱস্থিতি— অসম ভাৰতৰ উত্তৰ - পূব ( ঈশান ) কোণত অৱস্থিত ।
 ভৌগোলিক অৱস্থান প্রায় ২৪ ° ৰপৰা ২৮ ° উত্তৰ অক্ষাংশ আৰু প্ৰায় ৯০ ° ৰ পৰা ৯৭ ° পূব দ্রাঘিমাংশত ।

২ । অসমৰ মাটিৰ কালি— প্রায় ৭৮,৪৩৮ বর্গ কিলোমিটাৰ ।

৩। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা - —১ । ব্রহ্মপুত্র উপত্যকা , ২। বৰাক উপত্যকা আৰু ৩। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল ।

৪। অসমৰ চাৰিসীমা— উত্তৰে : ভূটান আৰু অৰুণাচল ৰাজ্য । দক্ষিণে মেঘালয় , মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য । পূবে : অৰুণাচল প্রদেশ , নগালেণ্ড আৰু মণিপুৰ । পশ্চিমেঃ পশ্চিমবংগ আৰু বাংলাদেশ ।

৫। অসমৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত— ৩৪০ জন ।

৬।অসমৰ পুৰুষ - মহিলাৰ অনুপাত প্রতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা— ৯৩২ জনী ।

৭।অসমৰ শিক্ষিতৰ হাৰ — ৬৮.২৮ শতাংশ ।

৮। ব্রহ্মপুত্র উপত্যকাৰ মুঠ মাটিৰ কালি— প্রায় ৫৬,০০০ বর্গ কিলোমিটাৰ ৷

৯। বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি— প্রায় ৬,৯৬২ বর্গ কিলোমিটাৰ ।

১০। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি— প্রায় ১৫,৩২২ বর্গ কিলোমিটাৰ ।

১১। মাজুলী বর্তমান মুঠ মাটিৰ কালি— প্রায় ৮০০ বর্গ কিলোমিটাৰ ।

১২। অসমৰ দক্ষিণ সীমাৰে পাৰহৈ যোৱা অক্ষৰেখাডালৰ নাম – কর্কটক্রান্তি ৰেখা ৷

১৩। অসমৰ প্ৰধান নদী দুখনৰ নাম— ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

১৪। ব্ৰহ্মপুত্ৰৰ উপনদী কেইখন— বৰনদী , পুঠিমাৰী , পাগলাদিয়া , সোৱণশিৰী , জীয়াভৰালী , জাঁজী , কপিলী , কুলসী , চম্পাৱতী , ধনশিৰি , জীয়াঢল , ৰঙানৈ , দিক্ৰং , ডিব্ৰু , ডিগাৰু , ন - দিহিং , দিচাং , বৰগাং , বুঢ়ীদিহিং , দিখৌ , দুধনৈ , ভোগদৈ , বুৰৈ , শিংৰা , সৰলভাঙা , মানাহ , কৃষ্ণাই , জিঞ্জিৰাম আদি ।

১৫। ব্ৰহ্মপুত্ৰৰ দলং কেইখন— ১। শৰাইঘাট , ২। কলিয়াভোমোৰা , ৩। নৰনাৰায়ণ সেতু আৰু ৪। বগীবিল দলং ।

১৬। ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটা— ১। মাজুলী ( বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ) আৰু ২। উমানন্দ ( বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ ) ।

১৭। অসমৰ জলবায়ু চাৰি ভাগত বিভক্ত—
১। শীত— নৱেম্বৰ , ডিচেম্বৰ আৰু জানুৱাৰী ।
২। প্রাক্ - মৌচুমী— ফেব্ৰুৱাৰী , মাৰ্চ আৰু এপ্ৰিল ৷
৩। মৌচুমী— মে , জুন আৰু জুলাই ।
৪। উত্তৰ - মৌচুমী — আগষ্ট , ছেপ্তেম্বৰ আৰু অক্টোবৰ ।

১৮। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম — বৰাইল পাহাৰ ( অসমৰ সৰ্বোচ্চ পাহাৰ )

১৯। বৰাক নদীৰ উপনদী কেইখন— জিৰি , চিৰি , ৰাকনি , ধলেশ্বৰী , বগাপানী , লংগাই , টিংৰাই , সোণাই , যদুকটা , মাধুৰা , জাতিংগা ।

২০। অসমৰ প্ৰধান পাহাৰবোৰ– কাৰ্বি পাহাৰ , বৰাইল পাহাৰ , বুঢ়া পাহাৰ , নীলাচল , চিত্ৰাচল দীঘ্ৰেশ্বৰী , কুৰুৱা পাহাৰ , ভোমোৰাগুৰি , শ্ৰীসূর্য , চৰাইদেউ , পঞ্চৰত্ন , ৰাক্ষসিনী , পাগলাটেক , টুক্ৰেশ্বৰী , বোন্দা , গণেশ , হিলৈখুন্দা , মহামায়া , অগ্নিগড় , সিংহাসন , হাতীমুৰা , কুঁৱৰী চূণশিল , মণিকণেশ্বৰ , অশ্বক্লান্ত , সন্ধ্যাচল ।

২১। অসমৰ বিলবোৰৰ— বগীবিল , মেৰাবিল , দীঘলীবিল ( ডিব্ৰুগড় ) , কাৱৈমাৰী , দীপৰ , চানডুবি , ( কামৰূপ ) , কাছমাৰীজান , বৰডুবি , হাফলং লেক , পদুম পুখুৰী ( তেজপুৰ ) , জয়সাগৰ , শিৱসাগৰ পুখুৰী ( শিৱসাগৰ ) , ৰাজমাও পুখুৰী ( যোৰহাট ) , শনিবিল , ৰাতা বিল ( কৰিমগঞ্জ ) মাইলাতা , দিপলীঙা ( দৰং ) মৰিকলং ( নগাঁও ) , তামৰাঙা , উপদ ( গোৱালপাৰা ) ।

২২। অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ খন—
১। উত্তৰ কাছাৰ পাহাৰ জিলা ( নতুন নাম “ ডিমা হাছাও ” ) , ২। ওদালগুৰি , ৩। শোণিতপুৰ , ৪। দৰং , ৫। কৰিমগঞ্জ , ৬। কাছাৰ , ৭। কামৰূপ ( গ্রাম্য ) , ৮। কামৰূপ ( মহানগৰ ) , ৯। কাৰ্বি আংলং , ১০। কোকৰাঝাৰ , ১১ । গোলাঘাট , ১২। গোৱালপাৰা , ১৩। চিৰাং , ১৪। ডিব্ৰুগড় , ১৫। তিনিচুকীয়া , ১৬। ধুবুৰী , ১৭। ধেমাজী , ১৮। নগাঁও , ১৯। নলবাৰী , ২০। বঙাইগাঁও , ২১। বৰপেটা , ২২। বাগ্‌ছা , ২৩। মৰিগাঁও , ২৪। যোৰহাট , ২৫। লক্ষীমপুৰ , ২৬। শিৱসাগৰ , ২৭। হাইলাকান্দি , ২৮। দক্ষিণ শালমাৰা , ২৯। বিশ্বনাথ চাৰিআলি , ৩০। হোজাই , ৩১। চৰাইদেউ আৰু ৩২। পশ্চিম কাৰ্বি আংলং , ৩৩। মাজুলী ( ঘোষণা- ২০১৬ ৰ ৮ ছেপ্তেম্বৰ ) ।
___✍️Asim Ahmed