অসম বুৰঞ্জী
১ । অসমৰ প্ৰাচীনতম্ নাম— প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ।
২। প্রাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন— কালিকা পুৰাণ ।
৩। অসমৰ প্রাচীনতম্ শাসকগৰাকী – মহীৰংগ দানৱ ।
8। প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত— বর্ত্তমান বাংলাদেশৰ কৰতোৱা নদী ।
৫। প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত— বংগোপসাগৰ ৷
৬। প্রাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল— ১ ) কামপীঠ— ( সোণকোষ বা স্বর্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে । ) ২ ) ৰত্নপীঠ— ( পূবে স্বর্ণকোষ নদীৰপৰা পশ্চিমে বৰ্ত্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল । ) ৩ ) স্বর্ণপীঠ— ( ৰূপহীৰ পৰা ভৰলী নদীলৈ । ) ৪ ) সৌমাৰপীঠ— ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ । )
৭। পুৰণি কামৰূপৰ চাৰিভাগ — ( ক ) ৰত্নপীঠ , ( খ ) কামপীঠ , ( গ ) স্বর্ণপীঠ আৰু ( ঘ ) সৌমাৰপীঠ ।
৮।আহোমসকলৰ ভাষাত অসমৰ নাম— মুংদুনদুন খাম ।
৯।আহোমসকল অসমলৈ আহিছিল— ১২২৮ খ্ৰীঃত ।
১০। আহোম ৰাজ্য প্রতিষ্ঠা কৰিছিল— স্বৰ্গদেউ চাওলুং চুকাফাই ।
১১। আহোমৰ প্ৰথম ৰাজধানী— চৈ - ৰাই - ডয় অর্থাৎ চৰাইদেউ ।
১২। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল— স্বৰ্গদেউ ৰুদ্ৰসিংহ ।
১৩। আহোমৰ শেষ ৰজাজন— চন্দ্ৰকান্ত সিংহ ।
১৪। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন— চুক্লেনমুং ।
১৫। আহোম প্রথামতে হোৱা বিবাহ — চকলং ।
১৬। ল’ৰাৰজাৰ প্ৰকৃত নাম— চুলিফা ।
১৭। সতী জয়মতী— আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল ।
১৮। সতী জয়মতীক শাস্তি দিয়া পথাৰখন— জেৰেঙা পথাৰ ।
১৯। মূলা গাভৰু— বৰগোঁহাই ফ্ৰাংচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্রু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।
২০। শৰাইঘাটৰ যুদ্ধ হৈছিল— ১৬৭১ খ্ৰীঃত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।
২১। শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল– লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং ( মোগল ) ।
২২। প্রথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল— ১৭৬৯ খ্ৰীঃত ।
২৩। দন্দুৱা বিদ্রোহ হৈছিল— আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।
২৪। দন্দুৱা বিদ্রোহ নেতা — হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই - ককাই ।
২৫। দন্দুৱা বিদ্ৰোহৰ কাৰণ — কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।
২৬। জলমবটা বা নকল আহোম— ৰজা কীৰ্ত্তিচন্দ্র ।
২৭। ‘ চকৰী ফেঁটী ’ বুৰঞ্জীৰ ৰচক— নুমলী বৰগোঁহাই ।
২৮। মোগলসকলে অসম আক্ৰমণ কৰিছিল— ১৭ বাৰ ।
২৯। মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল— ১৮৭১ খ্ৰীঃত ।
৩০। অসমলৈ মান আনিছিল— বদন বৰফুকনে ।
৩১। দিহিংগীয়া ৰজাৰ প্রকৃত নাম— চুহুংমুং ( দিহিং নদীৰ পাৰত ৰাজধানী প্রতিষ্ঠা কৰাৰ কাৰণে ) ।
৩২। খোৰা ৰজা— চুখ্ৰাংফা ।
৩৩। ভগনীয়া ৰজা — জয়ধ্বজ সিংহ ।
৩৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা— কুমাৰ ভাস্কৰ বৰ্মন ।
৩৫। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন – ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।
৩৬। বাণ ৰজাৰ ৰাজধানী— শোণিতপুৰ ।
৩৭। বাণ ৰজাৰ কন্যা— ঊষাদেৱী ।
৩৮। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে— নৰকাসুৰে ।
৩৯।কোচ বংশৰ শ্ৰেষ্ঠ ৰজা— নৰনাৰায়ণ ।
৪০। নৰনাৰায়ণৰ সেনাপতি— মহাবীৰ চিলাৰায় ।
৪১। ইয়াণ্ডাবু সন্ধি— ২৪/০২/১৮২৬ চনত হয় । এই সন্ধি মান ৰজা আৰু বৃটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।
৪২। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ— পিয়লি ফুকন ।
৪৩। মণিৰাম দেৱানৰ ফঁাচি— ১৮৫৮ চনত ।
৪৪। ইংৰাজে বন্দী কৰা আহোম ৰজাজন— পুৰন্দৰ সিংহ ।
৪৫। অসমৰ আটাইতকৈ ওখ মন্দিৰটো— শিৱদৌল ।
৪৬। অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন— বদন বৰফুকন ।
৪৭। চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফঁাচী দিয়া অসমীয়া নেতাজন— মণিৰাম দেৱান ।
৪৮। ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে শ্বহীদ হোৱা কিশোৰীজনী— কনকলতা ।