পণ্ডিত জৱাহৰলাল নেহৰু জন্ম আৰু বংশ পৰিচয় : স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ইং ১৮৮৯ চনৰ ১৪ নৱেম্বৰৰ দিনা এলাহাবাদৰ আনন্দ ভৱনত জন্ম গ্ৰহণ কৰে । সোণ - ৰূপৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা জৱাহৰলালৰ দেউতাক আছিল বিখ্যাত আইনজ্ঞ পণ্ডিত মতিলাল নেহৰু । প্ৰচুৰ ধন - সম্পত্তিৰ গৰাকী বেৰিষ্টাৰ মতিলাল নেহৰুৱে ইংৰাজ মহিলা ‘ গভৰনেচ্ ’ এগৰাকীৰ তত্তাৱধানত পুতেক জৱাহৰলালক তুলি - তালি ডাঙৰ দীঘল কৰিছিল । 8 শিক্ষা ঃ প্রাথমিক শিক্ষা ঘৰতে আহৰণ কৰাৰ পিছত ইং ১৯০৫ চনত জৱাহৰলালে ইংলেণ্ডলৈ গৈ বিখ্যাত হেৰো স্কুলত ভর্তি হয় । স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে । ইং ১৯১২ চনত বেৰিষ্টাৰী পাছ কৰি জৱাহৰলালে ভাৰতলৈ ঘূৰি আহে । কৰ্মজীৱন ঃ স্বদেশলৈ ঘূৰি আহি আইনজীৱী দেউতাকৰ সৈতে জৱাহৰলালে ওকালতি আৰম্ভ কৰে । সেই সময়ত ভাৰতীয় মানুহৰ ওপৰত ইংৰাজে চলাই থকা সাম্রাজ্যবাদী শোষণে ৰাজনীতিত যোগদান কৰিবলৈ জৱাহৰলালক প্ৰেৰণা যোগায় ।
ৰাজনীতিত প্ৰৱেশ আৰু নেতৃত্ব প্রদান : ইং ১৯১৯ চনত ইংৰাজসকলে জাৰি কৰা কুখ্যাত ‘ ৰাওলাট আইন ' আৰু পঞ্জাৱত ঘটোৱা জালিয়ানবালাবাগ হত্যাকাণ্ডৰ বাবে জৱাহৰলাল নেহৰুৱে ৰাজনীতিত জপিয়াই পৰে আৰু গান্ধীজীয়ে চলোৱা অসহযোগ আন্দোলনত যোগ দিয়ে ৷ নিজৰ দক্ষতাৰ বলেৰে অলপ দিনৰ ভিতৰতে তেওঁ গান্ধীজীৰ প্ৰিয়ভাজন হৈ পৰে । ইং ১৯২৯ চনত তেওঁ জাতীয় কংগ্ৰেছৰ সভাপতিৰ আসন অলঙ্কৃত কৰে । ইং ১৯৩০ চনত গান্ধীজীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰা বাবে ইংৰাজ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি ফাটেকত ৰাখে । তাৰ পিছৰ পৰাই তেওঁৰ জেল যাত্ৰাৰ আৰম্ভ হয় ( আনন্দ - ভৱনৰ ভোগ - বিলাস ত্যাগ কৰি দেশৰ স্বাধীনতাৰ বাৱে দেশবাসীক তেওঁ সফলভাবে নেতৃত্ব প্রদান কৰে । ইং ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰীৰ গুৰু দায়িত্ব লৈ দেশৰ কামত আত্মনিয়োগ কৰে । শিল্প উদ্যোগ , বেহা - বেপাৰ , শিক্ষা , কৃষি আদিৰ উন্নতি সাধনৰ জৰিয়তে ভাৰতক স্বাৱলম্বী কৰিবলৈ যত্ন কৰি থাকোঁতেই ইং ১৯৬৪ চনৰ মে’মাহৰ ২৭ তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৱে পৰলোক গমন কৰে । সামৰণিবিশ্বৰ ৰাজনৈতিক মঞ্চত নিজক প্রতিষ্ঠা কৰা পণ্ডিত জৱাহৰলাল নেহৰু আছিল ভাৰত মাতৃৰ গৌৰৱ । ) বিশ্ব শান্তিৰ উপাসক পণ্ডিত বিশ্বৰ দলিত মানৱতা আৰু উপনিবেশবাদৰ অভিশাপগ্রস্ত জনতাৰ মুক - মৌন মুখত বাণী প্ৰদান কৰি তেওঁ প্ৰকৃতাৰ্থত জৱাহৰলাল হৈছিল । ) ভাৰতৰ তৃতীয় প্রধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী তেওঁৰে সুযোগ্য জীয়ৰী আছিল । কণ কণ ল’ৰা ছোৱালীক তেওঁ খুউব মৰম কৰিছিল ৷ সেয়ে , ল’ৰা ছোৱালীহঁতে তেওঁক ‘ চাচা ’ ( খুৰা ) নেহৰু বুলি মাতিছিল ৷ তেওঁৰ জন্মদিন ১৪ নৱেম্বৰক প্ৰতি বছৰে শিশুদিৱস ৰূপে পালন কৰা হয় ।
জন্ম আৰু পৰিয়াল
জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী। মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ বৃত্তি আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল জৱাহৰলাল নেহৰু। নেহৰু পৰিয়ালৰ পূৰ্বপুৰুষ আছিল কাশ্মীৰৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ১৭১৬ খৃঃত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা দিল্লীলৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল। ফাৰুক ছি য়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল। উৰ্দু ভাষাত গড়খাৱৈক নাহাৰ বুলিছিল। এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হ'ল নেহৰু। কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামে খ্যাত হল। ১৯১৬ চনত জৱাহৰলালে কমলা কৌলক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত ইন্দিৰা গান্ধীৰ জন্ম হয়।
শিক্ষা জীৱন
জৱাহৰলাল নেহৰুৰ সৰুকালৰ শিক্ষা আৰম্ভ হয় এজন ঘৰুৱা শিক্ষকৰ দ্বাৰাই। সৰুতে তেওঁক বিদ্যালয়ত দিয়া নাছিল। পিতাকৰ উদ্দেশ্য আছিল সৰুৰে পৰা তেওঁক ইংৰাজী ল'ৰাৰ দৰে গঢ়ি তোলাৰ। সেয়ে মতিলাল নেহৰুৱে চোৱা-চিতাৰ দায়িত্ব দিছিল এগৰাকী ইংৰাজ মহিলাক। ১১ বছৰত তেওঁক পঢ়ুৱাবলৈ টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ এজন আইৰিচ লোকক গৃহশিক্ষক নিযুক্ত কৰিছিল। ব্ৰুকচৰ তলতে তেওঁ ইংৰাজী ভাষা সুন্দৰকৈ আয়ত্তলৈ আনিছিল। থেকাৰে, এইচ. জি. ওৱেলছ, স্কট, ডিকেন্স আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰো এই সময়তে তেওঁ পঢ়িছিল। আন এজন শিক্ষকৰ তলত তেওঁ সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষাৰ জ্ঞান আৰ্জিছিল। ব্ৰুকচৰ তলতে ৰসায়ন, উদ্ভিদ, পদাৰ্থ বিদ্যাৰ গূঢ় কথাবোৰ তেওঁ হৃদয়ঙ্গম কৰিছিল আৰু বিশ্বৰ প্ৰতি জানিবলৈ কৌতূহল জাগিছিল। মাত্ৰ তেৰ বছৰ বয়সত তেওঁ যোগদান কৰিছিল থিয়চফিকেল সংঘত আৰু এই সংঘৰ জৰিয়তে তেওঁ প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িছিল। বিশেষকৈ উপনিষদ আৰু গীতাৰ আলোচনাবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল। মুন্সী মোবৰকৰ পৰা শুনিছিল কৰিছিল চিপাহী বিদ্ৰোহ আৰু আৰৱীয় উপন্যাসৰ সাধু। তাৰ পিছত ৰামায়ণ আৰু মহাভাৰতৰ লগতে নানা আখ্যান-উপাখ্যান। সৰুকালৰ স্বভাৱ আছিল ব্যায়াম চৰ্চা, সাঁতোৰ আৰু ঘোঁৰাত উঠা। ডেকা বয়সত তেওঁ হিমালয় পৰ্বতত ১১,৫০০ ফুট বগাইছিল। ১৯০৫ চনৰ মে মাহত তেওঁ মাত্ৰ ১৫ বছৰ বয়সত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ হেৰ' পাব্লিক স্কুলত ভৰ্তি হয়। সম্ভ্ৰান্ত ইংৰাজ পৰিয়ালৰ লৰা-ছোৱালীয়ে পঢ়া স্কুলৰ পৰিবেশটো মুঠেই ভাল নাপাইছিল। হেৰ'ত পঢ়ি থকাৰ সময়তো তেওঁ ভাৰতৰ নানা ৰাজনৈতিক খৱৰো ৰাখিছিল। হেৰ'ৰ নিয়ম কানুনবোৰ অতি কঠিন হোৱা কাৰণে বহু সময়ত তেওঁৰ মন বিৰাগপূৰ্ণ হৈছিল। সেয়ে তেওঁ হেৰ' এৰাৰ মনস্থ কৰি পিতাকক সেই কথা জনাই কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। ১৯১০ চনত তেওঁ ট্ৰিনিটিৰ পৰাই দ্বিতীয়া শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে।
ৰাজনৈতিক জীৱন
জৱাহৰলাল নেহৰুৱে শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহি ১৯১২ চনত ওকালতি আৰম্ভ কৰে। লগে লগেই স্বাধীনতা সংগ্ৰামত সক্ৰিয় হয় আৰু সদস্য হয় জাতীয় কংগ্ৰেছ মহাসভাৰ। ১৯১৬ চনত তেওঁ পোন প্ৰথম বাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল লক্ষ্ণৌ কংগ্ৰেছত। তেওঁৰ দৃষ্টিত মহাত্মা গান্ধী আছিল বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মানৱ। তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতি আছিল আৰু তেওঁৰ সভাপতিত্বতেই পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল। ১৯৪৬ চনৰ১৭ আগষ্টত গৱৰ্ণৰ জেনেৰেল ওৱাভেলে সেই সময়ৰ কংগ্ৰেছ সভাপতি জৱাহৰলালক অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৰ্ৱতী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হয় আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি লৰ্ড মাউণ্ট বেটেনে স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত কৰিলে জৱাহৰলাল নেহৰুক।
স্বাধীনতা যুঁজাৰু ৰূপে
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমাৰৰ আগত ক'লা পতাকা দেখুৱালে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে। জৱাহৰলালাৰ সেয়ে প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল। ঘাইকৈ তেওঁ নৈনী, আলীপুৰ, ডেৰাডুন আৰু আহমেদাবাদৰ জেলত অধিক দিন কটাইছিল। এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ১৯৪৬ চনৰ ১৭ আগষ্ট তাৰিখে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। নেহৰুৱে গণতন্ত্ৰৰ বিধি আৰু কাৰ্যৰ প্ৰতি সদায় আস্থাশীলতা প্ৰকাশ কৰি গৈছে। তেওঁ বিৰোধীপক্ষৰ সমালোচনাৰ প্ৰতিও বেয়া মনোভাৱ ৰখা নাছিল। ১৯৫৪ চন আৰু ১৯৫৮ চনত তেওঁ প্ৰধানমন্ত্ৰী পদ ইস্তাফা দিবলৈ বিচৰাত ৰাইজৰ স্নেহে সেইপদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। নেহৰুৰ দিনতেই আন্তৰ্জাতিক ৰাজনীতিৰ পৰিধিও অতিক্ৰম কৰিছিল। ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত ২৯খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে। ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত চীনে ভাৰত আক্ৰমণ কৰিছিল। উত্তৰ পূৱ সীমান্তত থাংগালা পাহাৰমালা দখল কৰি ধলা পোষ্ট পৰ্যন্ত আক্ৰমণ কৰিছিল। ই মেকমোহন লাইনৰ সীমা। তাৰপিছত বমডিলা হৈ ভাৰতৰ ভালেমান সমতল ভূমি দখল কৰাৰ পিছত হাঠাত্ ১৯৬২ চনৰ ২৪ অক্টোৱৰত চীনে একতৰফীয়া সৈন্য অপসৰণৰ নীতি ঘোষনা কৰি উভতি যায়