Type Here to Get Search Results !

হাঁহিব নজনা মানুহৰ কথাৰে

 



হাঁহিব নজনা মানুহৰ কথাৰে
°°°°°°°°°°°°°°°°°°°°°°°°°°°°
✍️সৃষ্টি প্ৰকাশ
এই যে শুকান মুখবোৰ লৈ ঘূৰি ফুৰা
যান্ত্ৰিক যোগৰ মানুহবোৰ,
দেখিলেই জানা মোৰ খং উঠে।
ইহঁতে নিজকে নিজে তুলাচনীৰে জোখাদি জোখে।
ভেদাভেদ গাৰ বৰণক লৈ, শিক্ষা, ধন আৰু ক'ত
পিছে নিজে ওলাই আহিব খোজো হাঁহিতোও
মুখ চেপি ধৰি ৰাখে, লোকে বা কি বোলে।
আনন্দ কৰিবলৈ কাৰো পৰামৰ্শ নালাগে,
আছে বুলি ভাবিলে নিজৰখিনিতে পূৰ্ণ সম্পূৰ্ণ,
তুলনাত নামিলে তোমাক কোনে বুজাব
যে বাপৰো একোজনকৈ বাপ থাকে।
এই যে সেমেকা চকুবোৰ বাটত দেখো
আৰু সন্মানৰ নামলৈ মুখাপিন্ধা মুখবোৰ
দেখিলেই জানা সাংঘাতিক খং উঠে।
হাঁহিব নজনা মানুহৰ কথাৰে..... ঠিক
এয়া মোৰ অনুৰোধ আপোনালোকৰ বাবে,
তুলনা নহয়, নকৰাই ভাল নেকি?
শান্তি হাততেই আছে,এয়া অস্তিত্বৰ গোপন ৰহস্য
গ্ৰহণ কৰা ত্যাগ নহয় যিকোনো পৰিস্থিতিতে
নিজে নিজকে সাক্ষী হৈ চাইহে থাকো
আজি কালি মৌন হৈ সকলো অনুভৱহে কৰোঁ।
•••••••••••••••••••••••••••••••••••••••••••••••••••