প্রথম অভিযান ( 1st Expedition ) তেন্তে আজি হল প্রথম দিন ৷ সৰ্ব্বপ্রথমে অভিবাদনেৰ আৰম্ভ কৰা যাওক ।আমি যেতিয়া এজনে আন এজনক লগ পাওঁ তেতিয়া আমি ' নমস্তে ’ বা ‘ নমস্কাৰ ’ কৰো । আমাৰ মুছলমান সকলে 'Assalamu Alaikum ' বুলি কয় । শিখ সকলে ‘ সৎশ্রীঅকাল ' বুলি কয় । এইদৰে সমগ্ৰ ভাৰতত দিনটোৰ সকলো সময়ৰ বাবে একেটা বা একে কেইটা শব্দ প্ৰয়োগ কৰি অভিবাদন জনোৱা হয় । কিন্তু ইংৰাজীত সেইটো নহয় ৷ ইংৰাজীত দিনটোৰ বিভিন্ন সময়ত বিভিন্ন শব্দ প্ৰয়োগ কৰি অভিবাদন জনোৱা হয় । ইয়াৰ অভ্যাস কৰি লোৱা উচিত ৷
বাৰ্তালাপত ব্যৱহৃত অভিবাদন বাক্য
প্রাতঃকালৰ পৰা দিনৰ বাৰ বজালৈকে
1. নমস্তে, ককা
Good morning, grandpa. গুড মর্নিং, গ্রেগু’পা
২.নমস্তে, দেউতা
Good morning, dad, গুড মর্নিং, ডেড
3. নমস্তে, সোনটো
Good morning, my son. গুড মর্নিং,মাই চন
দিনৰ বাৰ বজাৰ পৰা বিয়লি পাচঁবজালৈকে
4. নমস্তে , আইতা
Good afternoon , grand’ma . গুড আফটাৰনুন , গ্ৰেণ্ড’মা
5. নমস্তে , মা
Good afternoon , mummy .গুড আফটাৰনুন , মাম্মী
6 . নমস্তে , আইজনী
Good afternoon, dear.গুড আফটাৰনুন, ডিয়েৰ
বিয়লি পাচ বজাৰ পিছত
7. নমস্তে , খড়াদেউ
Good evening , uncle . গুড ইভনিং , আংকল
৪. নমস্তে , খুড়ীদেউ
Good evening , aunty গুড ইভনিং , আণ্টি
9.নমস্তে , সোনটো
Good evening , my child . গুড ইভনিং , মাই চাইল্ড
ৰাতি বিদায় লোৱাৰ সময়ত
10.শুভ ৰাত্ৰি/ৰাতিটোলৈ বিদায়
Good night . গুড নাইট
Sweet dreams , darling . ছুইট ড্রীমস্ ডার্লিং
দিনৰ যিকোনো সময়ত
11. শুভ দিন , মহাশয়
Good day to you , sir . গুড ডে টু ইউ , ছাৰ
সাক্ষাতৰ সময়ত
12.আপোনাক লগ পাই বৰ ভাল লাগিল
Pleased to meet you . প্লীজ্দ টু মীট ইউ
বিদায় লোৱাৰ সময়ত
13. যাওঁ দেই বাচাহঁত
Good bye , children . গুড বাই , চিল্ড্রেন
14. ভালবাৰু , বিদায়
Bye,bye . বায় , বায়
15.শুভ বিদায় , প্রিয়
Farewell , my loveফেয়াৰৱেল মাই লাভ
16. ভালবাৰু , আকৌ লগ পাম
Hope to see you again / so long হ’প টু চি ইউ এগেইনছ ’ লং
স্মৰণীয়( To Remember )
অসমীয়া আৰু ইংৰাজীত সম্বোধনৰ পাৰ্থক্য
ইংৰাজীত:
1. Grandfather- ক সংক্ষেপতে Grandpa বোলে ৷
2. Father- ৰ বাবে Dad বা Daddy শব্দ প্রয়োগ কৰা হয় ৷
3. Grandmother- ক সংক্ষেপতে Grandma বোলে ।
4. Mother- ৰ বাবে Mummy শব্দৰ প্ৰয়োগ কৰা হয় ৷
ইংৰাজীত:
1. খুড়া , বৰদেউতা , মামা , মহা , পেহা— সকলোকে আংকল ( Uncle ) কোৱা হয় ।
2. খুড়ী , বৰমা , মামী , মাহী , পেহী— সকলোকে আণ্ট বা আণ্টি ( Aunt Aunty or Auntie ) কোৱা হয় ৷
3.কোনো পুৰুষৰ বাবে সম্মানসূচক শব্দ ' ছাৰ ' ( Sir ) প্ৰয়োগ কৰা হয় ৷
4.কোনো মহিলাৰ বাবে সম্মানসূচক শব্দ ' মেডাম ' ( Madam ) প্ৰয়োগ কৰা হয় ৷
5. খুড়াকৰ , মোমায়েকৰ মহাকৰ বা প্হোকৰ পুতেক বা জীয়েকক বুজাবৰ বাবে কেৱল ‘ কাজিন ’ ( Cousin ) শব্দ প্রয়োগ কৰা হয় ৷ “ কাজিন ব্রাদাৰ ’ বা ‘ কাজিন চিষ্টাৰ ' ( Cousin Brother / Cousion Sister ) নহয় ।
6. পতিক ( Husband ) সংক্ষেপতে ‘ হাব্বি ' ( Hubby ) বুলি কয় ।
___✍️Asim Ahmed