Type Here to Get Search Results !

আপোন জন ধুনীয়া নে? অনুভৱ

 





অনুভৱ
আপোন জন ধুনীয়া নে?
আপোন জন ধনী নে?
উত্তৰ-আপোন জন ধনীয়ো নহয় আপোন জন ধুনীয়াও নহয়,আপোন জন বিশ্বাসী আৰু স্বাৰ্থহীন।
ঠিকেই আপোন জন যদি স্বাৰ্থহীন ভাৱে লগত থকা মানসিকতাৰ হয়…আপোন জনে হাঁহি ভৰা মুখৰ লগতে মৌনতাৰ ভাষা বুজিব পৰা জন হয়…জীৱন সুখী হবলৈ অন্য আৰু কিহৰ প্ৰয়োজন!
ধুনীয়া বুলি কোনো কথাই নাথাকে আপুনি যাক সঁচা অন্তৰৰ পৰা ভাল পাবলৈ ধৰিব…পৃথিৱীৰ সকলোতকৈ ধুনীয়া তেওঁকে দেখিব।
আপোন জন আজি দুখীয়া আপুনি তেওঁৰ হাতত হাত ধৰি,তেওঁক সাহস দি…চোৱা তেওঁ আপোনাৰ বাবে সকলো কৰিব পাৰিব আৰু তেওঁ পৃথিৱীৰ সকলো সুখ প্ৰদান কৰিব!
আপোন জন ধনী,আপোন জন ধুনীয়া নহয় আপোন জন কিমান সৎ আপোন জন কিমান সুন্দৰ মনৰ য'ত বেয়াতকৈয়ো বেয়া সময়ত লগত থকাৰ সাহস ৰখা জনেই হল পৃথিৱীৰ সকলোতকৈ ধুনীয়া প্ৰকৃত সংগী!