আমাৰ সমাজত চাকৰি নথকা ল'ৰা এজনক মানুহে বেলেগ চকুৰে চাই। "ল'ৰাটোৰ সকলো ঠিকেই আছিল এতিয়া চাকৰি এটা হোৱাহেতেন বিয়াখন পাতি দিব পৰা হ'লহেঁতেন", "চাকৰি এটা নাই ছোৱালী কোনে দিব? "
নিজেই কিবা এটা কৰিব মন মেলিলে কয় 'এইবোৰ কৰিছ কৰ কিন্তু চাকৰি এটা বিচাৰি থাক'
কিন্তু ব্যৱসায় এটা কৰিবলৈ কোনেও সাহস নিদিয়ে, কোনেও সেই বিশ্বাস নেদেখুৱাই ব্যৱসায় এটাৰ ওপৰত ।
সকলোতে চাকৰিক আগস্থান দিয়ে কিয়?
আমাৰ সমাজত জন্মতেই মূৰত এই চাকৰি পোকটো সুমুৱাই দিয়ে যাৰ ফলত স্নাতক কৰি ওলাই চাকৰিৰ পিছত লাগি লাগি ৬-৭টা মূল্যৱান বছৰ সকলোৱে নষ্ট কৰি দিয়ে আৰু নিজাকৈ কিবা এটা কৰিব লোৱালৈ ৩০-৩২বছৰ হয়
এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে আমাৰ ল'ৰা/ছোৱালীবোৰেও(সকলো নহয়) চাকৰি এটাৰ বাবেহে পঢ়া-শুনা কৰে, জ্ঞানৰ বাবে নহয় । এনেকৈ নিবনুৱা সমস্যাও বৃদ্ধি পাইছে দিনক দিনে।
মুঠৰ ওপৰত আমাৰ সমাজৰ এই মানসিকতা সলনি নোহোৱালৈকে এই সমস্যা থাকিবই। শিক্ষাৰ লক্ষ্য যেতিয়ালৈকে চাকৰি হৈ থাকিব তেতিয়ালৈকে "মালিক" জন্ম নহয়
জীৱনটোত চলিবলৈ বহুত বেছি টকাৰো প্ৰয়োজন নাই । নিজৰ ওপৰত বিশ্বাস,সততা, একাগ্ৰতা, বুদ্ধি আৰু সাহস এইকেইটা বস্তু থাকিলে আৰামত এটা সুখৰ জীৱন কটাব পৰা যায় নিজাকৈ এটা ব্যৱসায় কৰিও
শেষত এটা কথা কওঁ , লোকৰ অৰণ্যত শিয়াল হৈ থকাত কৈ নিজৰ অৰণ্যত সিংহ হৈ থকা ভাল ।