বৰদিন : ইউৰোপ মহাদেশৰ পেলেষ্টাইন এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ । বেথেলহেম পেলেষ্টাইনৰ এখন অতি পুৰণি নগৰ ৷ এই নগৰৰ এটা গোহালি ঘৰত দুহাজাৰ বছৰৰ আগতে ডিচেম্বৰ মাহৰ ২৫ তাৰিখে খ্ৰীষ্টান ধৰ্মগুৰু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টৰ পিতৃৰ নাম জোচেফ আৰু মাকৰ নাম মেৰী । এই যীশুখ্ৰীষ্টৰ জন্মৰ তাৰিখটোকে খ্রীষ্টান লোকসকলে প্ৰতি বছৰে বৰ দিন হিচাবে পালন কৰে । সেই সময়ত দেশৰ মানুহ পিয়ল কৰা হৈছিল । নিজ নিজ পৰিয়ালৰ গণনা দিবৰ বাবে সেই সময়ত নানা ঠাইৰ লোক আহি বেথেলহেমত উপস্থিত হৈছিল । জোছেফ আৰু মেৰীয়েও নিজ পৰিয়ালৰ গণনা দিবৰ কাৰণে বেথেলহেমলৈ আহিছিল । বেথেলহেম লোকে লোকাৰণ্য হোৱাত চহৰখনৰ কোনো হোটেল আদিত থাকিবলৈ ঠাই নোহোৱা হৈছিল । অৱশেষত জোচেফ আৰু মেৰীয়ে
গৈ হোটেল এখনৰ গোহালি ঘৰ এটাতে আশ্রয় ললে আৰু তাতেই মুক্তিৰ পথ প্ৰদৰ্শন প্রভু যীশুখ্ৰীষ্টৰ জন্ম হ’ল । যীশুখ্ৰীষ্ট ডাঙৰ হলত “ খ্ৰীষ্টান ধৰ্ম ” প্ৰচাৰ কৰে । তেতিয়া পেলেষ্টাইনৰ মানুহবোৰে বিৰোধিতা কৰে । সিহঁতে যীশুষ্ক তেওঁ প্ৰচাৰ কৰা খ্ৰীষ্টান ধৰ্মৰ বিৰোধিতা কৰি নানা প্রকাৰে অত্যাচাৰ কৰে । শেষত ক্ৰচ বিদ্ধ কৰি বধ কৰে । যীশুৰ মৃত্যুৰ পিছতহে তেওঁলোকে সেই ধৰ্মৰ মূল বুজি পায় আৰু খ্ৰীষ্ট ধর্ম গ্ৰহণ কৰে ৷
খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ২৫ ডিচেম্বৰ দিনটো বৰ পবিত্ৰ বুলি জ্ঞান কৰে ৷ এই দিনটোত ‘ বৰদিন ’ উৎসৱ পালন কৰে । এই দিনা মহাপুৰুষ গৰাকীৰ গুণানুকীৰ্ত্তন কৰি সামূহিক প্রার্থনা , দুখীয়াক দান দিয়া আদি কাৰ্য্য চলে । এই ‘ বৰদিন ’ উপলক্ষে বিদ্যালয় , কার্য্যালয় আদি বন্ধ থাকে ৷ খ্রীষ্টান সকলে আনন্দ আৰু একতাৰে অন্তৰ নকৈ বান্দি লয় । মিলা - প্রীতি , ভাতৃ - ভাব আৰু বিশ্বপ্রেম দৃঢ়তৰ কৰিবলৈ তেওঁলোকে সংকল্পও গ্ৰহণ কৰে ।