অসমৰ কেইগৰাকীমান বৰেণ্য ব্যক্তি
অম্বিকাগিৰি ৰায়চৌধুৰীঃ
১৮৮৫ চনৰ ১৮ ডিচেম্বৰ তাৰিখে সাহিত্যৰ ব্যক্তিত্বৰে মহীয়ান ‘ অসম কেশৰী ’ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ জন্ম হৈছিল অসমৰ বৰপেটা জিলাত । বিখ্যাত কবিতা ' বন্দো কি ছন্দেৰে ' ৰচনা কৰে আৰু তেওঁৰ ৰচিত পুথি ‘ বেদনাৰ উল্কা’ৰ কাৰণে ১৯৬৬ চনত তেওঁক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয় । ১৯৬৭ চনৰ ২ জানুৱাৰী তাৰিখে তেওঁৰ মৃত্যু হয় ৷
আনন্দৰাম বৰুৱাঃ
১৮৫০ চনৰ ১৩ মে’ত বিশিষ্ট সংস্কৃত পণ্ডিত তথা অসমৰ প্ৰথম স্নাতক , বেৰিষ্টাৰ আৰু আই . চি . এছ . আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল । ১৮৭৪ চনত বৰুৱাদেৱ শিৱসাগৰৰ সহকাৰী জিলাধিপতিৰূপে নিয়োজিত হয় ৷ তেখেতৰ প্ৰকাশিত গ্রন্থসমূহৰ ভিতৰত ‘ হায়াৰ সংস্কৃত গ্ৰামাৰ ’ , ‘ এ প্রেক্টিকেল ইংলিছ - সংস্কৃত ডিক্চনেৰী ’ , ‘ ভৱভূতিজ ’ , ‘ মহাবীৰ চৰিম ’ ইত্যাদি উল্লেখযোগ্য । ১৮৮৯ চনৰ ১৯ জানুৱাৰীৰ দিনা বৰুৱাদেৱৰ মৃত্যু হৈছিল ।
ভবেন্দ্ৰ নাথ শইকীয়াঃ
১৯৩৯ চনত বহুমুখী প্রতিভাৱান ড ° ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ জন্ম হৈছিল । অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদান উল্লেখনীয় আৰু ইয়াৰ বাহিৰেও অসমীয়া চলচ্চিত্র জগতলৈও তেওঁৰ অৱদান অনস্বীকার্য । চলচ্চিত্ৰ পৰিচালক আৰু চুটিগল্প লেখক ভবেন্দ্র নাথ শইকীয়াদেৱে পৰিচালনা কৰা চলচ্চিত্ৰবোৰৰ ভিতৰত ‘ অগ্নিশন ’ , ‘ সন্ধ্যাৰাগ ’ , ‘ অনির্বাণ ’ , ‘ সাৰথি ’ ইত্যাদি উল্লেখযোগ্য । এই ছবিসমূহৰ দ্বাৰা তেখেতে ৰাষ্ট্ৰীয় স্বীকৃতিৰ লগতে বহুতো বঁটা লাভ কৰিছিল । ২০০৩ চনৰ ১৩ আগষ্টত তেওঁৰ মৃত্যু হয় ।
লক্ষ্মীনাথ বেজবৰুৱা ঃ
সাহিত্যৰথী ’ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদানেৰে অসমীয়া সাহিত্যৰ ভেঁটি চিৰ যুগমীয়া হৈ থাকিব ৷ সকলো দিশৰ পৰা তেওঁৰ লিখনিয়ে অসমীয়া সাহিত্য জগতৰ ভেঁটি অতি চহকী কৰি গৈছে । তেওঁ লিখা চুটি গল্প , খুহুতীয়া গল্প , ৰচনা আদি অসমীয়া জাতিৰ জাতীয় গৌৰৱ স্বৰূপ । সেয়ে তেওঁক ‘ ৰসৰাজ ’ বুলিও কোৱা হয় । ‘ অ ’ মোৰ আপোনাৰ দেশ ' নামৰ অসমৰ এই জাতীয় সংগীতটো তেৱেঁই ৰচনা কৰে । অসমীয়া সাহিত্যৰ এইজনা ‘ মুকুটবিহীন সম্রাটে ’ ১৯৩৮ চনত মৃত্যুক সাৱটি লয় ৷
গোপীনাথ বৰদলৈ ঃ
গোপীনাথ বৰদলৈদেৱে ১৮৯০ চনত ৰহাত জন্ম গ্ৰহণ কৰিছিল ৷ তেওঁ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ৷ দেশৰ উত্তৰ - পূৰ্বাঞ্চলৰ ভিতৰত মহান ব্যক্তিত্ব হিচাপে ‘ ভাৰতৰত্ন ’ বঁটাৰে অলংকৃত হোৱা তেৱেঁই হৈছে একমাত্র ব্যক্তি । ভাৰতৰ স্বাধীনতা আন্দোলনত আগভাগ লোৱা স্বৰ্গীয় গোপীনাথ বৰদলৈদেৱৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁৰ পূৰ্ণবয়ৱ ৰ্তি সংসদ ভৱন প্ৰাংগণত প্ৰতিষ্ঠা কৰি জাতীয় সন্মানেৰে সন্মানিত কৰা হৈছে । এনে এজন মহান ব্যক্তিৰ গুণৰাজি অসম তথা ভাৰতৰ বুৰঞ্জীত সোণালী আখৰেৰে জিলিকি থাকিব ।
some more coming.........🙏