Type Here to Get Search Results !

মোৰ মৰমৰ দেউতা

 



মোৰ মৰমৰ দেউতা

জীৱনৰ প্ৰথম খোজটো দিওঁতে যেতিয়া পৰি গৈছিলো তেতিয়া দেউতা দৌৰি আহিছিল। ভৰিত লগা মাটিবোৰ চাফা কৰি আকৌ খোজ কাঢ়িব শিকাইছিল। দেউতায়ে মোৰ সুখৰ বাবে তেওঁ দিনে ৰাতিয়ে প্ৰৰিশ্ৰম কৰিছিল।দেউতায়ে নিজতকৈয়ো মোৰ ভৱিষ্যত উজ্জ্বল হোৱাটো বিচাৰে।মোৰ সুখৰ বাবে নিজৰ ইচ্ছা বাসনাক জলাঞ্জলি দি অভাৱ পূৰণৰ যন্ত্ৰ হৈ পৰা মানুহজনেই হ'ল দেউতা। মই কান্দিলে মোক কোচত বহুৱাই সাহস দিয়া মানুহজনেই হ'ল দেউতা। দেউতা এনে এজন মানুহ যিয়েই সন্তানৰ হাঁহিটোৰ বাবে নিজৰ দুখবোৰ লুকুৱাই ৰাখে।
আজি দেউতায়ে কাম কৰিব নোৱাৰা হ'ল কিন্ত তেওঁ প্ৰৰিশ্ৰম কৰিয়েই মোক এজন সফল মানুহ বনালে। তেওঁ মোৰ বাবে ভগৱান । পিতায়ে পৰমেশ্বৰ। দেউতা নামৰ বটগছজোপাৰ ছাঁ যাৰ ওপৰত পৰা নাই তেওঁ বুজি পায় ৰ'দৰ তাপ কিমান প্ৰখৰ হয়।আজি দেউতাক মই কোচত বহুৱাই লৈ এগহা ভাত খুৱাই দিছো। দেউতায়ে হাঁহি হাঁহি কৈছে
-- তই সৰু হৈ থাকোতে এনেকৈয়ে তোক কোচত লৈ সাধু কথা শুনাইছিলো। আজি তই মোক কোচত লৈছ। মোৰ জীৱনটো সাৰ্থক হোৱা যেন লাগিছে।
---দেউতা, মই আপোনাৰ কপালৰ এটোপাল ঘামৰ মূল্যও পৰিশোধ কৰিব নোৱাৰিম। দেউতা আজীৱন মই আপোনাকেই সেৱা কৰি যাম । আপোনি মোক মানৱতাৰ জ্ঞান দিলে। আপোনি মোক জ্ঞানৰ পথ দেখুৱাই দিলে। আপোনাৰ ধাৰ মই কেতিয়াওঁ পৰিশোধ কৰিব নোৱাৰো। মই আপোনাক বৰ ভাল পাওঁ দেউতা।
যিজনৰ অবিহনে আমাৰ জীৱন আধৰুৱা
তেওঁ নামেই হ'ল দেউতা
আকাশৰ দৰে বিশাল
সাগৰৰ দৰে গভিৰ
পুৱতি নিশাৰ তৰাৰ দৰে উজ্বল
মোৰ মৰমৰ দেউতা