Type Here to Get Search Results !

ভাৰত Republic of India

 

ভাৰত



নেভিগেশ্যনলৈ যাওকসন্ধানলৈ যাওক

ভাৰত গণৰাজ্য
भारत गणराज्य
Horizontal tricolour flag bearing, from top to bottom, deep saffron, white, and green horizontal bands. In the centre of the white band is a navy-blue wheel with 24 spokes.Three lions facing left, right, and toward viewer, atop a frieze containing a galloping horse, a 24-spoke wheel, and an elephant. Underneath is a motto: "सत्यमेव जयते".
নীতিবাক্য
"सत्यमेव जयते" (সংস্কৃত, দেৱনাগৰী)
সত্যমেৱ জয়তে
ৰাষ্ট্ৰীয় সঙ্গীত
MENU
0:00

জন গণ মন
জাতীয় সংগীত
বন্দে মাতৰম্‌
ৰাজধানীনতুন দিল্লী
বৃহত্তম নগৰমুম্বাই
ৰাষ্ট্ৰভাষা (সমূহ)হিন্দীইংৰাজী
স্বীকৃত আঞ্চলিক ভাষাসমূহ
অষ্টম অনুসূচী:
ৰাষ্ট্ৰীয় ভাষাসংবিধানে নিৰ্ধাৰণ কৰা নাই
জাতীয়তাসূচক বিশেষণভাৰতীয়
চৰকাৰসংসদীয় গণতন্ত্ৰ
 - ৰাষ্ট্ৰপতিৰাম নাথ কোৱিন্দ
 - প্ৰধান মন্ত্ৰীনৰেন্দ্ৰ মোদী (বি জে পি)
 - লোকসভাৰ অধ্যক্ষঔম বিৰলা (বি জে পি)
 - মুখ্য ন্যায়াধীশশৰদ অৰবিন্দ ববদে
স্বাধীনতাব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা 
 - স্বাধীনতা লাভ১৫ আগষ্ট ১৯৪৭ 
 - গণতন্ত্ৰ প্ৰতিষ্ঠা২৬ জানুৱাৰী ১৯৫০ 
মাটিকালি
 - মুঠ৩২,৮৭,২৬৩ বৰ্গ কিমি (সপ্তম)
১২,৬৯,২১৯ বৰ্গ মাইল 
 - জলভাগ (%)৯.৬ (৩,১৫,৫৭৭ বৰ্গ কিমি)
জনসংখ্যা
 - ২০১১ লোকপিয়ল১,৩২,৬৫,৭২,০০০ (২nd)
 - ঘনত্ব৩৯৩.৬ প্ৰতি বৰ্গকিমি (৩১st)
 প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি)২০১৭ আনুমানিক
 - মুঠ$৯.৪৮৯ trillion ()
 - জনমুৰি$৭,১৫৩ 
জিডিপি (নামমাত্ৰ)২০১৭ আনুমানিক
 - মুঠ$২.৪৫৪ trillion (৬)
 - জনমুৰি$১,৮৫০ 
জিনি সহগ? (২০১৩)৩৩.৯ (79th)
মানৱ উন্নয়ন সূচক (২০১৫)বৃদ্ধি০.৬২৪[1] (মধ্যম) (১৩১)
মুদ্ৰাভাৰতীয় টকা ()
সময় অঞ্চলভাৰতীয় মান সময় (ইউটিচি+০৫:৩০)
 - গ্ৰীষ্মকালীন (ডিএছটি)পালন কৰা নহয় (ইউটিচি+০৫:৩০)
তাৰিখ বিন্যাসdd/mm/yyyy
গাড়ী চলোৱা হয়বাওঁ ফালে
ইণ্টাৰনেট টিএলডি.in; .ভাৰত
কলিং ক'ড+৯১
ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, খ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰৱেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

ভাৰতত ২৯খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

  1. অন্ধ্ৰ প্ৰদেশ
  2. অৰুণাচল প্ৰদেশ
  3. অসম
  4. বিহাৰ
  5. ছত্তীছগঢ়
  6. গোৱা
  7. গুজৰাট
  8. হাৰিয়ানা
  9. হিমাচল প্ৰদেশ
  10. ঝাড়খণ্ড
  11. কৰ্ণাটক
  12. কেৰালা
  13. মধ্য প্ৰদেশ
  14. মহাৰাষ্ট্ৰ
  15. মণিপুৰ
  16. মেঘালয়
  17. মিজোৰাম
  18. নাগালেণ্ড
  19. উৰিষ্যা
  20. পঞ্জাব
  21. ৰাজস্থান
  22. চিক্কিম
  23. তামিল নাডু
  24. তেলঙ্গানা
  25. ত্ৰিপুৰা
  26. উত্তৰাখণ্ড
  27. উত্তৰ প্ৰদেশ
  28. পশ্চিমবঙ্গ

কেন্দ্ৰীয় শাসিত অঞ্চল[উৎস সম্পাদনা]

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. জম্মু কাশ্মীৰ
  4. দাদৰা আৰু নগৰ হাভেলী
  5. দমন আৰু দিউ
  6. লাক্ষাদ্বীপ
  7. পণ্ডিচেৰী
  8. দিল্লী
  9. লাডাখ

ৰাজধানী[উৎস সম্পাদনা]

  • নতুন দিল্লী

ভাৰতৰ ভাষা

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল:

ভাষাভাষা পৰিয়ালভাষীকৰ সংখ্যা (২০০১, নিযুতত)[2]ৰাজ্য
অসমীয়াহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল১৩অসমঅৰুণাচল প্ৰদেশ
উৰ্দুহিন্দ-আৰ্য্য, মধ্য৫২ (ভাৰতত)জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ
ওড়িয়াহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল৩৩উৰিষ্যা
কন্নড়দ্ৰাবিড়৩৮কৰ্ণাটক
কাশ্মিৰীহিন্দ-আৰ্য্য৫.৫জম্মু আৰু কাশ্মীৰ
কোংকণীহিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য২.৫গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা
গুজৰাটীহিন্দ-আৰ্য্য, পশ্চিমাঞ্চল৪৬দাদৰা আৰু নগৰ হাৱেলিদমন আৰু দিউগুজৰাট
চাঁওতালিমুন্ডা৬.৫বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল
ডোগ্ৰীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২.৩জম্মু আৰু কাশ্মীৰ
তামিলদ্ৰাবিড়৬১তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলেগুদ্ৰাবিড়৭৪আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী
নেপালীহিন্দ-আৰ্য্য, উত্তৰাঞ্চল২.৯ (ভাৰতত)ছিক্কিম, পশ্চিমবংগ, অসম
পঞ্জাবীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২৯ (ভাৰতত)চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব
বঙালীহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল৮৩ (ভাৰতত)পশ্চিমবংগত্ৰিপুৰাআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়োতিব্বত-বৰ্মা১.৪অসম
মণিপুৰী (মেইতেই)তিব্বত-বৰ্মা১.৫মণিপুৰ
মালয়ালমদ্ৰাবিড়৩৩কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
মাৰাঠীহিন্দ-আৰ্য্য, দাক্ষিনাত্য৭২মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক
মৈথিলীহিন্দ-আৰ্য্য, পূৰ্বাঞ্চল১২বিহাৰ
সংস্কৃতহিন্দ-আৰ্য্য০.০১অক্ষেত্ৰীয়
সিন্ধীহিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল২.৫ (ভাৰতত)অক্ষেত্ৰীয়
আদৰ্শ হিন্দীহিন্দ-আৰ্য্য, মধ্যঅজ্ঞাত[3]আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশবিহাৰচণ্ডীগড়ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীহাৰিয়ানাহিমাচল প্ৰদেশঝাড়খণ্ডমধ্য প্ৰদেশৰাজস্থানউত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড


ৰাষ্ট্ৰীয় প্ৰতীক

ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[4]
পতাকাত্ৰিৰঙ্গা
প্ৰতীকঅশোক স্তম্ভ
সংগীতজন গণ মন
স্তোত্ৰবন্দে মাতৰম্‌
পশুঢেঁকীয়াপতীয়া বাঘ
ঐতিহ্যবাহী পশুভাৰতীয় হাতী
পক্ষীভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণীশিহু
ফুলপদুম
গছবট গছ
ফলআম
খেলহকী
বৰ্ষপঞ্জীশকাব্দ
নদীগঙ্গা[5]